/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/d592c05a-39d3-4045-8739-dc579c487231/missing.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা; ৰাজ্যত সঘনে সংঘটিত হ'বলৈ ধৰিছে মহিলা নিৰুদ্দেশৰ ঘটনা। এইবাৰ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত হাইডুবিৰ পৰা দুই সন্তানসহ এগৰাকী মহিলা নিৰুদ্দেশ হৈছে।
হাইডুবি গাঁৱৰ নাজিম উদ্দিন নামৰ লোকজন নিজৰ দোকানত থকাৰ সময়ত দেওবাৰে পত্নী বিলকিছ নিজৰ ঘৰৰ পৰা ওলাই যায়। সন্ধিয়া দোকানৰ পৰা আহি নাজিম উদ্দিনে নিজ পত্নী, সন্তানক ঘৰত নাপাই সকলো ওচৰ চুবুৰীয়া আত্মীয়-স্বজনৰ ঘৰত বিচাৰ-খোচাৰ কৰে।
কিন্তু তেওঁলোকৰ কোনো সন্ধান নোপোৱাত বটদ্ৰৱা আৰক্ষী থানাত লিখিত অভিযোগ দাখিল কৰে। কোনো লোকে এই দুই সন্তানসহ মহিলগৰাকীৰ সন্ধান পালে ৭৮৯৬২৫৩০৩৭নম্বৰত অথবা বটদ্ৰৱা আৰক্ষী থানাত জনাবৰ বাবে অনুৰোধ জনাইছে বিলকিছৰ স্বামী আৰু পৰিয়ালৰ লোকে।