বটদ্ৰৱাৰ ডুমডুমীয়াত বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰাসহ এজনক আটক...

অনুমতি বিহীন অবৈধ বিলাতী সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান আৰম্ভ হৈছে

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাৰ ডুমডুমীয়াত বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰাসহ এজনক আটক...

batadrava

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন ঠাইত দীৰ্ঘদিন ধৰি চলিথকা অনুমতি বিহীন অবৈধ বিলাতী সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান আৰম্ভ হৈছে।

Advertisment

বটদ্ৰৱা থানাৰ নৱ নিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সম্প্ৰীতি হাজৰিকাৰ নেতৃত্বত আৰক্ষীৰ দলে শনিবাৰে নিশা গোপন সূত্ৰৰ পম খেদি ডুমডুমীয়া বজাৰৰ পৰা অবৈধ ভাবে বিক্ৰী কৰিবলৈ অনা ৩ কাৰ্টন বিলাতী সুৰাৰ বটলৰ লগতে এজনক আটক কৰে। আটক কৰা লোকজন ৰামপুৰ পামৰ ছাদ্দাম হুছেইন।

ছাদ্দাম হুছেইনে বহু দিনৰ পৰাই আৰক্ষীৰ চকুত ধুলি দি অবৈধভাৱে বিলাতী সুৰা কিনি আনি অধিক দামত বিক্ৰী কৰি ৰমৰমীয়া বেপাৰ চলাই আহিছিল। বৰ্তমান বিলাতী সুৰা খিনিৰ লগতে হুছেইনক আবকাৰী বিভাগক চমজাই দিয়ে।

আৰু পঢ়ক : জয়পুৰৰ অভয়পুৰ গাঁৱত বন্যহস্তীৰ উপদ্রৱ

batadrava wine seized assam