/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/b5ee19d9-96a2-46c9-8d8e-5da253d51bf1/batadrava.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান সংযোগী শলগুৰি সত্ৰ পথত সম্প্ৰতি ব্যাপক যান-জঁটৰ বাবে তীৰ্থযাত্ৰী সকল অহা যোৱা কৰিবলৈ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। উল্লেখ্য যে, প্ৰচাৰ-প্ৰসাৰৰ বাবে সম্প্ৰতি গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানলৈ তীৰ্থযাত্রী আগমনৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে।
ইয়াৰোপৰি নগাঁও জিলাত নকৈ নিৰ্মাণ হোৱা মহা মৃত্যুঞ্জয় মন্দিৰলৈ বুলি অহা ৰাজ্য-বহিঃৰাজ্যৰ বহু দৰ্শনাৰ্থীয়ে পূণ্যভূমি বটদ্ৰৱা ধামত সেৱা নিবেদন কৰাৰ উদ্দেশ্যেৰেও আগমন বৃদ্ধি পাইছে। কাজেই পূৰ্বৰ বছৰ সমূহতকৈ বৰ্তমান তীৰ্থযাত্রী-দৰ্শনাৰ্থীৰ বহু গুণে বৃদ্ধি পোৱাত বটদ্ৰৱা থান সংযোগী পথ সমূহত যান-জঁট বৃদ্ধি পাইছে।
উল্লেখ্য যে, নগাঁও-ধিং-মৈৰাবাৰী সংযোগী গড়কাপ্তানী পথৰ শান্তিজান বজাৰৰ পৰা বাঁওফালে অহা পথেৰে বটদ্রৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাষেৰে এক কিলোমিটাৰ পাৰ হৈ বটদ্ৰৱা থান পাব পাৰি।
কিন্তু বটদ্রৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা বটদ্ৰৱা থান সংযোগী এক কিলোমিটাৰ দূৰতৰ পথটো দেশ স্বাধীন হোৱা দিনৰে পৰা একে জোখৰ আছে। বৰঞ্চ পথটোৰ কিছু অংশত একাংশ স্থানীয় লোকে বেদখল কৰাত বৰ্তমান এটা অতি ঠেক পথলৈ ৰূপান্তৰিত হৈছে।
ঐতিহ্যমণ্ডিত শলগুৰি সত্ৰৰ এই ঠেক পথটোৰে দিনটোত শ শ সৰু বৰ গাড়ীৰে তীৰ্থযাত্রী অহা যোৱা কৰাৰ উপৰিও অসম চৰকাৰৰ ১৮৮ কোটি টকা ব্যয়য়েৰে নিৰ্মাণ হৈ থকা "বটদ্ৰৱা প্ৰকল্প"ৰ বাবে আটাইতকৈ চমু আৰু চিধা পথ হিচাপে নিৰ্মাণ কাৰ্য্যৰ গাড়ী সমূহো অহা যোৱা কৰি আছে।
বিগত দিন সমূহত এই পথটো বহল কৰিবলৈ বটদ্ৰৱাৰ স্থানীয় ৰাইজ, সত্ৰৰ সত্ৰাধিকাৰ আৰু দল-সংগঠনে দাবী উত্থাপন কৰাৰ পাছত গড়কাপ্তানি বিভাগৰ ফালৰ পৰা পথটো বহল কৰিবলৈ দুবাৰকৈ জোখ মাপ কৰাৰ পাছতো কাম আৰম্ভ নকৰা বিষয়টোৱে সমস্যাত পেলাইছে তীৰ্থযাত্রী আৰু ভকত বৈষ্ণৱক।
এই অতিব্যস্ত বটদ্ৰৱা থান আৰু বটদ্ৰৱা প্ৰকল্প সংযোগ পথটি বহলকৈ নিৰ্মাণ কৰি তীৰ্থযাত্রী-দৰ্শনাৰ্থী, ভকত বৈষ্ণৱৰ যাতায়াতৰ সুবিধা কৰি দিবলৈ বটদ্ৰৱা থানৰ ভকত বৈষ্ণব, সত্ৰাধিকাৰ, আৰু স্থানীয় ৰাইজ আৰু দল-সংগঠনে দাবী উত্থাপন কৰিছে।