বটদ্ৰৱাৰ জাজৰি দলৈ গাঁৱত নগাঁও জিলাৰ তিৱা সাহিত্য সভাৰ সজাগতা সভা...

দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে নগাঁও জিলাৰ তিৱা সাহিত্য সভাৰ সজাগতা সভা সম্পন্ন হয়

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাৰ জাজৰি দলৈ গাঁৱত নগাঁও জিলাৰ তিৱা সাহিত্য সভাৰ সজাগতা সভা...

tiwa sahitya sabha meeting

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ তিৱা ভাষা-সাহিত্যৰ উন্নয়ন আৰু বিকাশৰ উদ্দেশ্য আগত ৰাখি তিৱা মাথনলাই তখ্ৰা (তিৱা সাহিত্য সভা)ৰ উদ্যোগত নগাঁও জিলাৰ জাজৰীৰ দলৈগাঁৱত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে নগাঁও জিলাৰ তিৱা সাহিত্য সভাৰ সজাগতা সভা সম্পন্ন হয়।

তদুলক্ষে দেওবাৰে পুৱা অনুষ্ঠানৰ পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণেৰে শুভাৰম্ভ কৰা হয় ৷ তিৱা সাহিত্য সভাৰ নগাঁও জিলা সমিতিৰ সভাপতি বীৰেন লালুঙৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দীপেন্দ্ৰনাথ বৰদলৈ, কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি শৰৎ পাটৰ আমচি, কেন্দ্ৰীয় সমিতিৰ সম্পাদক বিদ্যুৎ বিকাশ সেনাপতি, নগাঁও জিলা সমিতিৰ সম্পাদক বলীন্দ্র ডেকাৰজা, বিষ্ণু বৰদলৈ, সোনাৰাম পাটৰ, শৰৎ পাটৰ, চিত্ৰৰাম দেউৰীৰ লগতে অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

batadrava nagaon assam