শংকৰেদেৱৰ তিথিত কৰা উদ্দাম নৃত্যক লৈ বটদ্ৰৱাৰ সত্ৰাধিকাৰৰ প্ৰতিক্ৰিয়া…

শংকৰেদেৱৰ তিথিত কৰা উদ্দাম নৃত্যক লৈ বটদ্ৰৱাৰ সত্ৰাধিকাৰৰ প্ৰতিক্ৰিয়া…

author-image
asomiyapratidin
New Update
শংকৰেদেৱৰ তিথিত কৰা উদ্দাম নৃত্যক লৈ বটদ্ৰৱাৰ সত্ৰাধিকাৰৰ প্ৰতিক্ৰিয়া…

ডিজিটেল সংবাদ, বটদ্ৰৱা: সমগ্র ৰাজ্যৰ সত্ৰ নামঘৰ, আৰু অনুষ্ঠান প্ৰতিষ্ঠানত সোমবাৰে নাম প্ৰসংগৰে উদযাপন কৰা হৈছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি। কিন্তু তেজপুৰৰ ডাইমেনশ্বন একাডেমী চিনিয়ৰ চেকেণ্ডাৰী স্কুল নামৰ এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে তিথি উদযাপন কৰাৰ নামত উদ্দাম নৃত্য পৰিৱেশন কৰি অসমীয়া জাতিৰ জনক জগতগুৰু জনাক অপমান কৰা বিষয়ক লৈ মঙলবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বটদ্ৰৱা থানৰ নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে।

সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে প্ৰতিদিনৰ যোগেদি বাতৰিটো দৃষ্টিগোচৰ হৈ বিদ্যালয়খনত তিথি উদযাপন কৰা পৰিবেশ দেখি অতি লজ্জিত হৈছোঁ আৰু দুখ লাগিছে বুলি মন্তব্য প্ৰদান কৰে। লগতে সেই ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষাগুৰু আৰু অভিভাৱক সকলে গুৰুজনাক কেনে দৰে পৰিচয় কৰাইছে? সাংস্কৃতিক নগৰী তেজপুৰ, এনে সুনাম থকা তেজপুৰত সত্ৰীয়া সংস্কৃতি বা নামকীৰ্ত্তন এনেকৈ পৰিবেশন কিয় কৰা হ'ল।

তেওঁলোকৰ সেই সম্যক জ্ঞান নাই নেকি? শেষত সত্ৰাধিকাৰ গৰাকীয়ে নৱপ্ৰজন্মক অপসংস্কৃতি কৰাল গ্ৰাসৰ পৰা ৰক্ষা কৰি গুৰুজনাৰ প্ৰকৃত অৱদানৰ প্ৰচাৰ প্ৰসাৰত ব্ৰতী হ'বলৈ আহ্বান জনালে। ইফালে শিক্ষানুষ্ঠান গঢ় দিয়াৰ নামত অপসংস্কৃতিৰ শিক্ষা অনুষ্ঠান স্থাপন কৰা এই বিদ্যালয়খনৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই শিক্ষা মন্ত্রীয়ে? বুলি বটদ্রৱাৰ থান পৰিচালনা সমিতিৰ সভাপতি তথা সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্তই মন্তব্য কৰে।

উষা নগৰী, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ তেজপুৰৰ ডাইমেনছন একাডেমীত হৰি নামক দোহাই দি কৰা উদ্দাম নৃত্যৰ পিছতেই জাঙুৰ খাই উঠিছে বটদ্ৰৱা শলগুৰি সত্ৰৰ সত্ৰাধিকাৰৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্তৰ লগতে ভকত বৈষ্ণৱ।

assam Assam police himanta biswa sarma nagaon