/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/8d673436-c998-4362-a9b7-50ca53430f24/batadrava.jpg)
batadrava than
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মঙলবাৰৰ পৰা বটদ্ৰৱা থানত আৰম্ভ হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্মজয়ন্তী উৎসৱ। ধৰ্মীয় পৰম্পৰাৰে অনুষ্ঠিত গুৰুজনাৰ জন্মজয়ন্তী উৎসৱলৈ পুৱাৰে পৰা আগমন ঘটিছে দূৰ-দূৰণিৰ তীৰ্থযাত্রী তথা ভকত বৈষ্ণৱৰ।
তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত গুৰু জন্মজয়ন্তীৰ পুৱা তাল কোবোৱা প্রসঙ্গ, মঞ্জিৰা নাম, আইসকলৰ নাম আদি নিত্য নৈমিত্তিক প্ৰসংগৰ উপৰিও বিয়লি ভকত বৈষ্ণৱে অনুষ্ঠিত কৰিব চৰিত পাঠ অনুষ্ঠান।
বটদ্ৰৱা থান পৰিচালনা সমিতিৰ হৈ নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে গুৰুজনাৰ জন্মস্থানত অনুষ্ঠিত জন্মজয়ন্তী উৎসৱত অংশ গ্ৰহণ কৰিবলৈ সকলো ভক্তপ্ৰাণ ৰাইজক আহ্বান জনাইছে। ইফালে পুৱাৰে পৰা ভকত বৈষ্ণৱৰ হৰি নাম কীৰ্ত্তনত সুন্দৰ পৰিবেশৰ সৃষ্টি হৈছে।