অসমত সমষ্টি পুননিৰ্ধাৰণৰ প্রক্রিয়া আৰম্ভ, মন্ত্ৰী কেশৱ মহন্তই ক'লে...

আৰম্ভ অসমত সমষ্টি পুননিৰ্ধাৰণৰ প্রক্রিয়া। ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হ'ব। ভাৰতীয় নিৰ্বাচন আয়োগে জনালে এই তথ্য।
অসমত সমষ্টি পুননিৰ্ধাৰণৰ প্রক্রিয়া আৰম্ভ, মন্ত্ৰী কেশৱ মহন্তই ক'লে...

ডিজিটেল ডেস্ক: আৰম্ভ অসমত সমষ্টি পুননিৰ্ধাৰণৰ প্রক্রিয়া। ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হ'ব। ভাৰতীয় নিৰ্বাচন আয়োগে জনালে এই তথ্য।

ৰাজ্যত নতুন প্রশাসনিক গোট সৃষ্টিত নিষেধাজ্ঞা নিৰ্বাচন আয়োগৰ। ১ জানুৱাৰীৰ পৰা প্রযোজ্য হ’ব এই নিষেধাজ্ঞা।

সমষ্টি পুননিৰ্ধাৰণ প্রক্রিয়া সমাপ্ত নোহোৱালৈকে এই নিষেধাজ্ঞা জাৰি কৰা হৈছে। সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত মন্তব্য প্ৰদান কৰে মন্ত্রী কেশৱ মহন্তই।

তেওঁ কয় যে কেন্দ্রীয় চৰকাৰৰ তত্বাৱধানত চলিছে পুনৰ নিৰ্ধাৰণ প্রক্রিয়া। কেন্দ্রীয় চৰকাৰৰ গাইডলাইন অনুসৰিহে পুনৰ গঠন হ’ব সমষ্টি। আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে প্রক্রিয়া সম্পূৰ্ণ হ’ব বুলি মন্তব্য কেশৱ মহন্তৰ।

আৰু পঢ়ক: 'অসমীয়া প্ৰতিদিন'ৰ বাতৰি সঁচা প্ৰমাণিত, আটক গুৱাহাটীত সোণাগাচি খোলা জানমণি দাস আৰু সহযোগী...

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in