আজি ৰাস পূৰ্ণিমা : বটদ্ৰৱাৰ কুৰুৱাবাহী সত্ৰত দেওবাৰে নিশাৰ পৰাই আৰম্ভ ৰাসৰ পূৰ্বৰংগ...

আজি শ্ৰীকৃষ্ণৰ ৰাস পূৰ্ণিমা। শৰতৰ চন্দ্ৰাৱলী ৰাতি ৰাস উৎসৱৰ ছন্দোময়তাত বিধৌত হৈ পৰিব ৰাজ্যৰ আকাশ বতাহ

author-image
Asomiya Pratidin
New Update
আজি ৰাস পূৰ্ণিমা : বটদ্ৰৱাৰ কুৰুৱাবাহী সত্ৰত দেওবাৰে নিশাৰ পৰাই আৰম্ভ ৰাসৰ পূৰ্বৰংগ...

batadrava

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ আজি শ্ৰীকৃষ্ণৰ ৰাস পূৰ্ণিমা। শৰতৰ চন্দ্ৰাৱলী ৰাতি ৰাস উৎসৱৰ ছন্দোময়তাত বিধৌত হৈ পৰিব ৰাজ্যৰ আকাশ বতাহ। শৰতৰ স্নিগ্ধা মিঠা জোনৰ পোহৰ অতি বিতোপন, এই বিতোপন পূৰ্ণিমাতেই কৃষ্ণই গোপী সকলৰ লগত লীলা কৰিছিল।

Advertisment

ভগৱান শ্ৰীকৃষ্ণৰ এই লীলাৰ আধাৰত অনুষ্ঠিত ৰাস উৎসৱ আজিৰে পৰা ৰাজ্যৰ সত্ৰ, নামঘৰ সমূহত আৰম্ভ হ'ব। চৌদিশে মুখৰিত হ'ব কৃষ্ণ নাম। সমগ্ৰ ৰাজ্যৰ লগতে বটদ্ৰৱাৰ বিভিন্ন সত্ৰ আৰু গাঁও সমূহৰ নামঘৰত ৰাস অনুষ্ঠিত হ'ব। ইফালে বহু সত্ৰত দেওবাৰৰ নিশাৰ পৰাই আৰম্ভ হৈছে ৰাসৰ পৰম্পৰাগত কাৰ্যসূচী।

বটদ্ৰৱাৰ কুৰুৱাবাহী সত্ৰত দেওবাৰে নিশাই ৰাসৰ পূৰ্বৰংগ আৰম্ভ হয়। পূব হাতীচোং আঞ্চলিক সাৰ্বজনীন ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত শ্ৰীশ্ৰী কুৰুৱাবাহী সত্ৰ ৰাস ক্ষেত্ৰত নিশা গায়ন বায়নে চাহিনী, গুৰুঘাট আৰু ঘোষা ধেমালি পৰিবেশন কৰি আৰম্ভ কৰে ৰাস।

লগতে আজি নিশা কেলি গোপাল নাটকত অভিনয় কৰিবলগীয়া গোপী সকলেও দেওবাৰৰ নিশাই, "আহা সখী আহা বাই বৃন্দাবনে যাঁও" গীতৰ তালে তালে নৃত্যত অংশ গ্ৰহণ কৰে।

nagaon batadrava than assam rass