/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/bbbbb.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা: বড়িগাঁও শ্ৰীমন্ত শংকৰদেৱ পুথিভঁড়াল আৰু যুৱক সংঘৰ সৌজন্যত বটদ্ৰৱাৰ সমীপৱৰ্তী বড়িগাঁও বেলতল খেলপথাৰত মঙলবাৰে দিনযোৰা কাৰ্যসূচীৰে ৰঙালী বিহু উৎসৱ উদযাপন কৰা হয়।
পুৱা পতাকা উত্তোলন কৰে বড়িগাঁও শ্ৰীমন্ত শংকৰদেৱ পুথিভঁড়াল আৰু যুৱক সংঘৰ সম্পাদক সন্ত নাৰায়ণ ডেকাই পাছত অঞ্চলটোৰ বিভিন্ন ৰাজহুৱা স্থানত শতাধিক থলুৱা ফলমূল আৰু ঔষধি গছ পুলি ৰোপণ কৰা হয়।
১১ বজাৰ পৰা চিত্ৰাংকন প্ৰতিযোগিতা, কবিতা আবৃত্তি, আকস্মিক বক্তৃতাৰ পাছত অনুষ্ঠিত কুইজ প্ৰতিযোগিতা পৰিচালনা কৰে দিব্যজ্যোতি বৰুৱা আৰু বিমান হাজৰিকাই। সন্ধ্যা বঁটা বিতৰণী সভা আৰু গাঁৱৰ জেষ্ঠ লোক সকলৰ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। নিশা স্থানীয় শিল্পী সকলৰ লগতে জনপ্ৰিয় কন্ঠশিল্পী দেৱজিৎ বৰা আৰু নিতুমনি বৰাৰ সংগীতৰ অনুষ্ঠান অনুষ্ঠিত হয়।
আৰু পঢ়ক: