সদৌ ভাৰত কৃষি আৰু গ্ৰামীণ শ্ৰমিক সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী…

সদৌ ভাৰত কৃষি আৰু গ্ৰামীণ শ্ৰমিক সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী…

author-image
asomiyapratidin
New Update
সদৌ ভাৰত কৃষি আৰু গ্ৰামীণ শ্ৰমিক সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী…

ডিজিটেল সংবাদ, বটদ্ৰৱা: সদৌ ভাৰত কৃষি আৰু গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত দেশজোৰা প্ৰতিবাদী কাৰ্যসূচী সোমবাৰে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ নগাঁও জিলা সমিতিৰ আহ্বানত নগাঁও জিলাৰ দলংঘাট খণ্ড উন্নয়ন আৰু ৰহা চক্ৰ বিষয়া কাৰ্যালয়ত ৰূপায়ন কৰা হয়। প্ৰতিবাদকাৰী সকলে তীব্র প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদ স্থলীৰ পৰিবেশ উত্তাল কৰি তোলে।

Advertisment

প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি সন্থাৰ নগাঁও জিলা সম্পাদক স্বপন হাজৰিকা আৰু সন্থাৰ কেন্দ্ৰীয় নেতৃী আয়েফা বেগমে "মূল্যবৃদ্ধি ৰোধ কৰা, ৰেচনত ডাইল, মিঠাতেল, গাখীৰ, কণী, চেনী, পিয়াঁজ আদি সুলভ মূল্যত যোগান ধৰা, অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, প্ৰতিটো বানক্ষতিগ্ৰস্ত পৰিয়ালক চৰকাৰে ঘোষণা কৰা ধন মোকোলাই দিয়া, বুলড'জাৰ ৰাজ বন্ধ কৰা" আদি দাবীৰে উত্থাপন কৰে।

ৰহাৰ প্ৰতিবাদী কাৰ্যসূচীত গোপী বৰ্মন, চম্পা দেউৰী, দিপ্তী সেনাপতি, চায়েৰা বেগম আৰু মৃণালি বৰাই অংশ গ্ৰহণ কৰাৰ লগতে দলংঘাটত জোনামনি বৰদলৈ, ৰীতা বৰদলৈ, জোৎস্না বেগম আৰু সীমা বৰদলৈয়ে নেতৃত্ব প্ৰদান কৰে। সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শুভ্ৰজ্যোতি বৰ্ধন আৰু সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই প্ৰতিবেদকক জানিবলৈ দিয়ে, "দেশজুৰি জনোৱা আহ্বানৰ প্ৰতি সমৰ্থন জনাই সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই নগাঁও জিলাৰ উপৰিও ডিব্ৰুগড়, যোৰহাট জিলাৰ বিভিন্ন পঞ্চায়ত ,খণ্ড উন্নয়ন বিষয়া , চক্ৰ বিষয়া আৰু জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আজি এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। ধৰ্ণাকাৰী সকলে সংশ্লিষ্ট বিষয়া সকলৰ জড়িয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ দহ দফীয়া এখনি স্মাৰক পত্ৰ প্ৰদান কৰে।

আৰু পঢ়ক: মুখ্য সচিব জিষ্ণু বৰুৱালৈ লোকসেৱা বঁটা

assam protest batadrava