/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/7db7bf03-1882-4071-ac94-ea6fc28b096b/palnam.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰৱৰ্তন কৰা সকামী সেৱা হৈছে পালনাম। ৩৬৭ বছৰীয়া ঐতিহ্যময় পৰম্পৰা ৰক্ষা কৰি বৃহস্পতিবাৰে বটদ্ৰৱা থানৰ শলগুৰি সত্ৰৰ পালনাম সেৱা অনুষ্ঠিত হৈছে।
১৬৫৬ খৃষ্টাব্দত আই কনকলতাই বৰদোৱা থান পুনৰ উদ্ধাৰ কৰাৰ পিছৰে পৰা ফাল্গু পূৰ্নিমাৰ পাছৰ পূৰ্নিমা(চতৰ পূৰ্ণিমা) তিথিত শলগুৰি সত্রই নিৰবিচ্ছিন্ন ভাৱে পাতি অহিছে এই পালনাম। পালনাম উপলক্ষে আজি ভকত বৈষ্ণৱৰ উপস্থিতিত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে দ্বিতীয় বৈকুণ্ঠ বটদ্ৰৱা থানত।
কীৰ্ত্তন ঘৰৰ থানৰ নামাচাৰ্য, পাঠক, গায়ন বায়ন, আৰু অসমৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱ, ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতিত খোল প্ৰসঙ্গ, নামপ্ৰসংগৰে মুখৰিত হৈ পৰিছে।
Also Read: ''ভাষণৰ দ্বাৰা নহয়, খাদ্য গ্ৰহণ কৰিলেহে পেট ভৰে'' মোডীক কটাক্ষ কৰিলে কোনে...