ছোৱালীৰ ১৮ বছৰ আৰু ল’ৰাৰ ২১ বছৰৰ পিছত বিয়াত বহাৰ শপত গ্ৰহণ কৰাই, আমছুৰৰ কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা

ছোৱালীৰ ১৮ বছৰ আৰু ল’ৰাৰ ২১ বছৰৰ পিছত বিয়াত বহাৰ শপত গ্ৰহণ কৰাই, আমছুৰৰ কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা

author-image
asomiyapratidin
New Update
ছোৱালীৰ ১৮ বছৰ আৰু ল’ৰাৰ ২১ বছৰৰ পিছত বিয়াত বহাৰ শপত গ্ৰহণ কৰাই, আমছুৰৰ কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা

ডিজিটেল সংবাদ, বটদ্ৰৱা: সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ নগাঁও জিলা সমিতিৰ উদ্যোগত, বলিকটিয়া, আলিটাঙনী, দগাঁও, ধিং গাঁও, সুঁতিৰপাৰ আৰু মাহেৰিপাৰ আঞ্চলিক সমিতিৰ সহযোগত বুধবাৰে আলিটাঙনী উচমানীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে শিক্ষামূলক সজাগতা আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়।

Advertisment

'ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা' এই শ্লোগানেৰে কৃতী ছাত্ৰ- ছাত্ৰীক উৎসাহিত কৰাৰ উদ্দেশ্যে অনুষ্ঠিত অনুষ্ঠানটিত আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি মোছাৰফ হুছেইন কবিৰ, সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম, সহকাৰী সাধাৰণ সম্পাদক আব্দুল ৰহিম, নগাঁও জিলা সমিতিৰ সভাপতি আব্দুল নুৰ, সাধাৰণ সম্পাদক আশ্ৰাফুল হুছেইন, সমাজ সেৱক ছিৰাজ উদ্বিন আহমেদ, ডা০ ৰিয়াজ উদ্দিন, ডা০ লক্ষ্যজিত বৰা, জুৰীয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, প্ৰাক্তন অধ্যক্ষ এ কে ফজলুল হকৰ লগতে নগাঁও জিলা আমছুৰ,ট বিভিন্ন আঞ্চলিকৰ বিষয় ববীয়া উপস্থিত থাকে।

অনুষ্ঠানটিত কৃৰ্তি ছাত্ৰ ছাত্ৰী সকলক গামোচা, মানপত্ৰ আৰু কলমেৰে সম্বৰ্ধনা জনোৱাৰ লগতে ছোৱালীৰ ১৮ বছৰ আৰু ল'ৰাৰ ২১ বছৰৰ পিছত বিয়াত বহাৰ শপত গ্ৰহণ কৰাই এক ব্যতিক্ৰম শৈলীৰে সজাগতা চলোৱা হয়।

আৰু পঢ়ক: আহাৰৰ ভৰণ পথাৰত কৃষকৰ জীৱন চৰ্চা…

assam nagaon batadrava