ঐতিহ্যমণ্ডিত বটদ্রৱা থানত নন্দোৎসৱ…

ঐতিহ্যমণ্ডিত বটদ্রৱা থানত নন্দোৎসৱ…

author-image
asomiyapratidin
New Update
ঐতিহ্যমণ্ডিত বটদ্রৱা থানত নন্দোৎসৱ…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উৎসৱৰ শনিবাৰে নিশা নন্দোৎসৱ উদযাপন কৰা হয়। ঐতিহ্যৰে মহীমামণ্ডিত বটদ্রৱা থানত নন্দোৎসৱ উপলক্ষে গায়ন-বায়নৰ জোৰা গোৱাৰ পাছত নাটঘৰত পাচতি ভাওনা হয়।

Advertisment

পাচতি ভাওনাত সত্ৰৰ শিশু সকলে গোপী সাজি কৃৃষ্ণ জন্মৰ আনন্দত আত্মহাৰা হৈ নাচি বাগি ভকত বৈষ্ণৱৰ মাজত লৱনু বিতৰণ কৰে। পাছত কীৰ্তনঘৰত ঘোষা কীৰ্তনীয়া নামেৰে এক নৃত্যানুষ্ঠান পৰিবেশন কৰে। পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে নৃত্যানুষ্ঠানটিত গায়ন-বায়ন, সূত্রধাৰ, ভাৱৰীয়া আৰু ভকত সকলে কৃষ্ণ জন্মৰ আনন্দ উল্লাসৰ অভিব্যক্তি প্রকাশ কৰি বটদ্ৰৱা থানত গকুল সদৃশ পৰিবেশৰ সূূচনা হয়।

মাজনিশালৈ ভকত সকলে 'কৃষ্ণ বোল, হৰি বোল' গাই নাচি বাগি কৰা এই ৰহস্যঘন অনুষ্ঠানৰ মাজেৰে নন্দোৎসৱৰ সামৰণি পৰে।

assam nagaon batadrava