বটদ্ৰৱা থানত পৰম্পৰাগত ভাৱে নন্দোৎসৱ উদযাপন…

বটদ্ৰৱা থানত পৰম্পৰাগত ভাৱে নন্দোৎসৱ উদযাপন…

author-image
asomiyapratidin
New Update
বটদ্ৰৱা থানত পৰম্পৰাগত ভাৱে নন্দোৎসৱ উদযাপন…

ডিজিটেল সংবাদ, বটদ্ৰৱা: অসমীয়া জাতীয় জীৱনৰ মহানায়ক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান শ্ৰী শ্ৰী বটদ্ৰৱা থানত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উৎসৱৰ শনিবাৰে দ্বিতীয় দিনা নন্দোৎসৱ উদযাপন কৰা হয়। শ্ৰী শ্ৰী কৃষ্ণৰ জন্মযাত্রা নাটকৰ শেষ অংশটো হৈছে নন্দোৎসৱ।

Advertisment

জন্মাষ্টমীৰ দৰে নন্দোৎসৱ উদযাপনৰ এক সুকীয়া ঐতিহ্যৰে মহীমামণ্ডিত বটদ্রৱা থান। নন্দোৎসৱৰ দিনা দুপৰীয়া "কৃষ্ণ সূৰ্য ভৈলন্ত উদিত" কীৰ্তন গোৱা হয়। বিয়লি গায়ন বায়নৰ চাহিনী, গুৰুঘাট, ন-ধেমালীৰে জোৰা গোৱা শেষ কৰি সূত্ৰধাৰৰ প্ৰৱেশ কৰোৱাই পৰম্পৰা অনুসৰি নাটঘৰত পাচতি ভাওনাৰ পাতনি মেলা হয়।

এই পাচতি ভাওনাৰ শেষত 'গকুল উদয় যদুমনি' গীত পৰিৱেশন কৰা হয়। এই গীত শেষ হোৱাৰ লগে লগে তাল সংগত কৰি ঘোষা কীৰ্তনীয়া নামেৰে এক নৃত্যানুষ্ঠান পৰিবেশন কৰে। শিশু কৃষ্ণৰ জাত কৰ্ম কৰিছিল গৰ্গ ঋষিয়ে। গৰ্গ ঋষিৰ প্ৰৱেশৰ লগে লগে এজন বহুৱাৰ প্ৰৱেশ ঘটে।

এই বহুৱাৰ পৰাই হাস্যৰসৰ সৃষ্টি হয় ।পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে নৃত্যানুষ্ঠানটিত গায়ন, বায়ন, সূত্রধাৰ, ভাৱৰীয়া আৰু ভকত সকলে কৃষ্ণ জন্মৰ আনন্দ উল্লাসৰ অভিব্যক্তি প্রকাশ কৰে। সত্ৰৰ শিশু বালক আৰু কিশোৰ সকলে গোপী সাজি কৃষ্ণ জন্মৰ আনন্দ অভিব্যক্ত প্ৰকাশ কৰে আৰু ভকত বৈষ্ণৱ, আইমাতৃৰ মাজত লৱনু বিতৰন কৰে।

ভকত সকলে 'কৃষ্ণ বোল, হৰি বোল' গায় গাই নাচি বাগি কৰা এই ৰহস্যঘন অনুষ্ঠানৰ মাজেৰে নন্দোৎসৱৰ সামৰণি পৰে। উল্লেখ্য যে, মহিলা সকলৰ পাছত পুৰুষ সকলে নাম আৰম্ভ কৰে। এই নাম পুৱতি নিশালৈ চলি থাকিব। এই নামৰ পাছত যি ধূলি উৰিব সেই ধূলিৰ পৰা ফোট ল'ব।

আৰু পঢ়ক: গা ধুবলৈ গৈ গুঁইজানৰ কলীয়াপানী ঘাটত দুই যুৱকৰ সলিল সমাধি…

assam batadrava