দলংঘাটত সুৰামত্ত পুত্ৰই হত্যা কৰিলে মাতৃক…

দলংঘাটত সুৰামত্ত পুত্ৰই হত্যা কৰিলে মাতৃক…

author-image
asomiyapratidin
New Update
দলংঘাটত সুৰামত্ত পুত্ৰই হত্যা কৰিলে মাতৃক…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা সমষ্টিৰ তথা মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত দলংঘাটত শুকুৰবাৰে নিশা মানৱ সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হয়। নিজ পুত্ৰৰ হাতত প্ৰাণ গ'ল মাতৃৰ। পাৰিবাৰিক কন্দলৰ বাবে নিজ পুত্ৰই হত্যা কৰে মাতৃক।

ঘটনাৰ বিৱৰণ অনুসৰি, নিশা দুই সুৰামত্ত পুত্ৰ লিপ্ত হৈছিল কাজিয়াত। সেই কাজিয়া ভাঙিবলৈ যাওঁতে মাতাল পুত্ৰই উলোটাই ডিঙি চেপি, গুৰিয়াই মাতৃ মনোৱাৰা বেগমক। পাছত ওচৰতে বিয়া হোৱা জীয়ৰীয়ে মনোৱাৰাক উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

নিশাই মিকিৰভেটা আৰক্ষী উপস্থিত হৈ দুই পুত্ৰ জান আলি আৰু মিন্টু আলিক গ্ৰেপ্তাৰ কৰে। লগতে মৃত মাতৃ মনোৱাৰা বেগম (৫৮)ৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁৱলৈ প্ৰেৰণ কৰে।

nagaon assam Assam police