বটদ্ৰৱাৰ সোনাইপাৰ গৌৰীনাথ মন্দিৰত মহালয়া উপলক্ষে পাৰ্বন শ্ৰাদ্ধ...

আজি পৱিত্ৰ মহালয়া

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাৰ সোনাইপাৰ গৌৰীনাথ মন্দিৰত মহালয়া উপলক্ষে পাৰ্বন শ্ৰাদ্ধ...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ আজি পৱিত্ৰ মহালয়া। মহালয়াই ধৰালৈ বোৱাই আনিলে শাৰদীয় দুৰ্গোৎসৱক। বৰ্তমান সময়ত সৰ্বত্ৰে মা দুৰ্গাক আদৰাৰ ব্যাপক প্ৰস্তুতি। সকলোৰে মাজত আনন্দ উৎসাহ উদ্দীপনা।

Advertisment

সেই সময়তে দেওবাৰে মহালয়াই পৃথিৱীলৈ শুভ আগমন জনালে মা দুৰ্গাক। বটদ্ৰৱাৰ সোনাই নৈ পাৰত ৰাইজে প্ৰাতঃভ্ৰমন কৰাৰ লগতে নগাঁৱৰ ঐতিহ্যমণ্ডিত সোনাইপাৰ গৌৰীনাথ শিৱমন্দিৰত সমূহ ভক্তপ্ৰান ৰাইজে মহালয়াৰ পাৰ্বন শ্ৰাদ্ধ প্ৰাকক্ষণত তৰ্পন কাৰ্য্যসূচী সম্পন্ন কৰে।

গৌৰীনাথ শিৱ মন্দিৰত পঞ্চম বাৰ্ষিক দুৰ্গা পূজা উদযাপন কৰা হ'ব। বৰ্নাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া শাৰদীয় পূজাত সহস্ৰাহিক ভক্তৰ সমাগমেৰে উদুলি মুদুলি হ'ব ঐতিহ্যমন্দিত গৌৰিনাথ শিৱমন্দিৰৰ বাকৰি।

assam batadrava