বটদ্ৰৱাৰ কদমনি বজাৰৰ পৰা দুই তীৰ ব্যৱসায়ীক আটক...

কদমনি বজাৰত অভিযান চলাই দুটা তীৰ ব্যৱসায়ীক আটক কৰে আৰক্ষীয়ে
batadrava
batadrava

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষীৰ দলে কদমনি বজাৰত অভিযান চলাই দুটা তীৰ ব্যৱসায়ীক আটক কৰে।

গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত কদমনিৰ ছোবেদ আলীৰ হোটেলৰ পৰা দুই তীৰ ব্যৱসায়ীক আটক কৰে। আৰক্ষীয়ে জানিব দিয়া মতে, দুই তীৰ ব্যৱসায়ী হৈছে কদমনিৰ আবু হানিফ আৰু ৰামপুৰ সত্ৰৰ ইউছুব আলী। লগতে আৰক্ষীয়ে নগদ ২,১৬০ টকা আৰু দুটা মোবাইল ফোন জব্দ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in