বটদ্ৰৱাত অগ্নি নিৰ্বাপক বাহিনীৰ আস্থান মুকলি…

বটদ্ৰৱাত অগ্নি নিৰ্বাপক বাহিনীৰ আস্থান মুকলি…

author-image
asomiyapratidin
New Update
বটদ্ৰৱাত অগ্নি নিৰ্বাপক বাহিনীৰ আস্থান মুকলি…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অলপতে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা ভ্ৰমনৰ সময়ত বটদ্ৰৱা থান তথা ৰাইজৰ জীৱন সম্পত্তি নিৰাপত্তা জনিত বিষয়ৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বটদ্ৰৱাত এটা অগ্নি নিৰ্বাপন সেৱা স্থাপনৰ কথা ঘোষণা কৰিছিল। সেই মৰ্মে বুধবাৰে আৰক্ষী বিভাগে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত অগ্নিনিৰ্বাপক বাহিনীৰ দুখন বাহন সহ এটি অগ্নি নিৰ্বাপক বাহিনী আস্থান বটদ্ৰৱা থান পৰিচালনা সমিতিক আনুষ্ঠানিক ভাৱে অৰ্পন কৰে।

Advertisment

সত্ৰৰ পৰম্পৰাগত মাঙ্গলিক কাৰ্যসূচীৰ মাজেৰে অগ্নিনিৰ্বাপক বাহিনীৰ আস্থান মুকলি কৰে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্তই। অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উপ সভাপতি দেৱানন্দ দেৱ গোস্বামীয়ে। নগাঁও জিলা আৰক্ষী অধীক্ষক লীনা দলেই ফিটা কাটি আস্থানৰ দ্বাৰ মুকলি কৰি বটদ্ৰৱা থানৰ লগতে পাৰ্শ্বৱৰ্তী এলেকাৰ ধন জনৰ সুৰক্ষাৰ বাবে এটা দীৰ্ঘদিনীয়া অভাৱ পূৰণ হ'ল বুলি মন্তব্য কৰাৰ লগতে আগন্তুক দুই সপ্তাহৰ ভিতৰত বটদ্ৰৱা থানা আক্ৰমণ ঘটনাৰ চাৰ্জশ্বিত দাখিল কৰি পৰ্যায়ক্ৰমে বটদ্ৰৱা আক্ৰমণ ঘটনাৰ লগত জড়িত সকলো অপৰাধীক আটক কৰা হ'ব বুলি মন্তব্য কৰে।

অনুষ্ঠানটিত অগ্নিনিৰ্বাপক বাহিনীৰ নগাঁও জিলা জেষ্ঠ আস্থান বিষয়া আবু তালহা, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সদস্য তুৱাৰাম বৰুৱা, পংকজ বৰুৱা, ৰাজীৱ বৰঠাকুৰ, পৰান বৰুৱা, মহেন্দ্ৰ বৰুৱা, বিমল পাঠক, ৰবি শইকীয়া, পদুম কলিতাৰ লগতে বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱ, বটদ্ৰৱা আৰু ধিং অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মচাৰী সকল উপস্থিত থাকে।

আৰু পঢ়ক: জুবিনৰ স্বাস্থ্যৰ শেহতীয়া খবৰ LIVE UPDATE…

assam batadrava