/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/52757c52-c6cd-428d-9bc4-f5f911f5469a/batadrava.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম কলা সংস্কৃতি ৰাষ্ট্ৰীয় পৰ্য্যায়ত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াসেৰে বটদ্ৰৱাৰ ভকত বৈষ্ণৱ আৰু শিল্পীৰ দলে যোৱা ১৫ অক্টোবৰত দৈবিক ভূমি বৃন্দাবনত পৰিবেশন কৰে নাম কীৰ্তন, খোল প্ৰসঙ্গ, ৰাম ধেমালি আৰু গোসাঁনী প্ৰৱেশৰ নাচ শীৰ্ষক এলানি সাংস্কৃতিক অনুষ্ঠান।
এই মৌলিক সংস্কৃতি সমূহ লৈ বটদ্ৰৱা থানৰ পৰা যাত্ৰা আৰম্ভ কৰি বৃন্দাবনৰ শ্ৰীকৃষ্ণ আশ্ৰমত দেশৰ বিভিন্ন প্ৰান্তৰ সাধু, সন্ত, মহন্ত, পণ্ডিত সকলৰ সন্মুখত গুৰজনাৰ সৃষ্টিৰাজিক সফলতাৰে পৰিৱেশন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হয় এই সাংস্কৃতিক দলটিয়ে। অসমীয়া ঐতিহ্যময় সংস্কৃতি পৰিৱেশন কৰি দলটি বটদ্ৰৱালৈ ঘুৰি অহাত বটদ্ৰৱাবাসী উৎফুল্লিত হৈ পৰে।
তদুপলক্ষে বটদ্ৰৱাৰ শলগুৰি আৰু নৰোৱা সত্ৰবাসী ৰাইজে ভকত বৈষ্ণৱ আৰু শিল্পীৰ দলটিক গামোছাৰে সম্বৰ্ধনা জনায়। বটদ্ৰৱা থানৰ জাপি বাটচৰাৰ সন্মুখত অনুষ্ঠিত এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে শিল্পীসকলক আশীৰ্বাদ প্ৰদান কৰি বটদ্ৰৱা শৈলীৰ এই সাংস্কৃতিক সমল সমূহৰ চৰ্চা আৰু প্ৰচাৰ প্ৰসাৰত ব্ৰতী হ'বলৈ আহ্বান জনায়।
সমাজকৰ্মী ৰাজু বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত শলগুৰি সত্ৰৰ ডেকা সত্ৰীয়া, শিল্পী ৰঞ্জিত মহন্ত, সমাজকৰ্মী দিলিপ দেৱ গোস্বামীকে আদি কৰি বটদ্ৰৱা সৰুহিছা, বৰহিছা আৰু বৰভেটি গাঁৱৰ কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।
উল্লেখ্য যে, কুটুম্ব সুৰক্ষা পৰিষদৰ উদ্যোগত বৃন্দাবনত অনুষ্ঠিত সূত্ৰধাৰ শীৰ্ষক এই সাংস্কৃতিক অনুষ্ঠানত বটদ্ৰৱাৰ সাংবাদিক, শিল্পী দিব্যজ্যোতি বৰুৱাৰ ব্যৱস্থাপনাৰে বটদ্ৰৱা থানৰ ভকত ক্ৰমে যোগেন নামলগোৱা, বাবুল গায়ন, কেশৱ বৰা, হংস বৰা, ৰত্নেশ্বৰ বৰুৱা, লক্ষ্য জ্যোতি বৰুৱা, নন্দেশ্বৰ হাজৰিকা, ৰঞ্জিত দেউৰী, মিনাৰাম কলিতাই নাম কীৰ্তন, খোল প্ৰসঙ্গ, দিহানাম পৰিবেশন কৰে।
লগতে অম্লান জ্যোতি দেৱ গোস্বামী, উজ্বল জ্যোতি দেৱ গোস্বামী, কুণ্ডল কুমাৰ বৰা, সত্যব্ৰত দেৱ গোস্বামী, মাধুৰ্য কলিতা, ৰক্তিম জ্যোতি শইকীয়া, দেৱজিৎ বৰা, প্ৰৱাল কেউত, জ্যোতিষ কলিতা, বিৰিঞ্চি হাজৰিকাই ৰাম ধেমালি আৰু তৃতীষা ভৰালী, অৰ্পনা কলিতাই গোসাঁনী প্ৰৱেশৰ নাচ শীৰ্ষক সত্ৰীয়া নৃত্য পৰিৱেশন কৰে।