/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/batadrava-1.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : ত্যাগবীৰ হেম বৰুৱাৰ ৭৬ সংখ্যক মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে বটদ্ৰৱা সমষ্টিৰ মাজজাজৰিস্থিত ত্যাগবীৰ হেম বৰুৱা সামূহিক কেন্দ্ৰত দিনযোৰা কাৰ্যসূচীৰে হেম বৰুৱাৰ মৃত্যু বাৰ্ষিকী পালন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে ত্যাগবীৰ হেম বৰুৱা সামূহিক কেন্দ্ৰৰ সভাপতি গগন চন্দ্ৰ শৰ্মাই। স্মৃতি তৰ্পন, মাল্যাৰ্পন কৰে অনিল শৰ্মা, ধৰ্মেশ্বৰ শৰ্মাই। দিনটোত চাফাই অভিযানকে আদি কৰি বিভিন্ন কাৰ্যসূচীৰ পাছত সন্ধ্যা ত্যাগবীৰ হেম বৰুৱা সামূহিক কেন্দ্ৰত অঞ্চলটোৰ ২০২২ বৰ্ষৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা কৃতী ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয়।
সীমান্ত বৰা আৰু নৱজ্যোতি বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত ছাত্ৰ-ছাত্ৰীক কলম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। পাছত সামূহিক কেন্দ্ৰটিৰ সভাপতি গগন চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সম্পাদক নৱজ্যোতি বৰুৱা, অৱসৰপ্ৰাপ্ত কৃষি বিষয়া মাধৱ ৰাজখোৱা, দ্বিজেন হাজৰিকা, দ্বিজেন গোস্বামী, চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জগন্নাথ গোস্বামী, শিক্ষক ৰাজীৱ বৰুৱা, ভবেন চন্দ্ৰ গোস্বামীকে আদি কৰি শতাধিক ৰাইজ উপস্থিত থাকে।
ইফালে যোৱা ১০ আগষ্টত মাজজাজৰিস্থিত ত্যাগবীৰ হেম বৰুৱা সামূহিক কেন্দ্ৰতে মাজজাজৰি অগ্ৰগামী যুৱক সংঘৰ প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰা হয়। পুৱা সংঘটিৰ সভাপতি দীপক চন্দ্ৰ শৰ্মাই পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ কৰি সন্ধ্যা শতাধিক বন্তি প্ৰজ্বলনেৰে পৰিৱেশ আলোকময় কৰি তোলা হয়।
আৰু পঢ়ক : মোৰ কেঞ্চাৰ! শেষ সময় এতিয়া, মুখ্যমন্ত্ৰীক সুধিছো – ন্যায় পাম নে নাপাম ?