
ডিজিটেল সংবাদ, বটদ্ৰৱা: সোমবাৰে পুৱাৰে পৰা বটদ্ৰৱাৰ বেদখকৃত ভূমিত চলিব উচ্ছেদ অভিযান। বটদ্ৰৱাৰ হেজাৰ বিঘাৰ অধিক ভূমিত চলিবলগীয়া এই উচ্ছেদ অভিযানৰ বাবে আজি শেষ আখৰা কৰে আৰক্ষী প্ৰশাসন।
বিগত তিনিদিন ধৰি ফ্লেগমাৰ্চ কৰাৰ পাছত দেওবাৰে সামৰিক বাহিনীয়ে বটদ্ৰৱা বীজ পামৰ মুকলি পথাৰত অস্ত্ৰ শস্ত্ৰৰে আখৰত ব্যস্ত হোৱা পৰিলক্ষিত হয়। ইফালে সহস্ৰাধিক আৰক্ষীৰ কুচকাৱাজত আতংকময় পৰিৱেশৰ মাজতে কাইলৈ হবলগিয়া উচ্ছেদৰ পূৰ্বেই তথা আজিও ঘৰ খালি কৰিছে বহু বেদখলকাৰী পৰিয়ালে।
বিপৰীতে বহু সংখ্যকে ঘৰ খালি কৰিবলৈ অমান্তি হৈ এতিয়াও আকোৰগোঁজ হৈ আছে। গোপন সূত্ৰৰ পৰা জানিব পৰা মতে বেদখলকাৰী বহুতৰে অন্য ঠাইত নিজা মাটি সম্পত্তি আছে। উল্লেখ্য যে, পূৰ্বেও সাত বাৰকৈ বটদ্ৰৱাৰ হাইডুবি পথাৰ, হাইডুবি কৃষি বীজ পামত উচ্ছেদ চলিছিল, যদিও ফুটুকাৰ ফেন হৈ পুনৰ বেদখলকাৰীয়ে এজন দুজনকৈ আহি নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰে।
আজি মধ্য অসম আৰক্ষী উপ মহাপৰিদৰ্শক (DIG) সত্যৰাজ হাজৰিকাই বটদ্ৰৱাত উপস্থিত হৈ সমগ্ৰ বেদখলকৃত স্থান সমূহ নিৰিক্ষণ কৰি, পাছত সাংবাদিকক সম্বোধন কৰে। আৰক্ষী উপ মহাপৰিদৰ্শক গৰাকীয়ে জানিব দিয়া মতে, কাইলৈ পৰা শান্তিজান বজাৰ, বটদ্ৰৱাৰ হাইডুবি পথাৰ, হাইডুবি কৃষি বীজ পাম, ভোমোৰাগুৰি গ্ৰেজিং ৰিজাৰ্ভ, ৰামপুৰ সত্ৰ, লালুং গাঁও, ধনিয়াভেটী, জামাই বস্তিত উচ্ছেদ অভিযান চলিব।
উল্লেখ্য যে, যোৱা মে' মাহত বটদ্ৰৱা আৰক্ষী থানা আক্ৰমণ ঘটনাৰ দৰে ভংয়কৰ ঘটনাৰ পাছত কাইলৈ পৰা চলিব লগিয়া উচ্চেদ অভিযানৰ বাবে বটদ্ৰৱাত আতংকময় পৰিৱেশ বিৰাজ কৰিছে। আনহাতে নগাঁও জিলা আৰক্ষী অধীক্ষক লীনা দলে প্ৰকাশ কৰিছে তেওঁলোকে নগাঁও জিলা প্ৰশাসন, স্বাস্থ্য বিভাগ, ৰাজহ বিভাগৰ সহযোগত কাইলৈ উচ্ছেদৰ বাবে বিশেষ ভাৱে সস্তম বুলি জানিবলৈ দিয়ে।
ইফালে কাইলৈ পুৱাৰ পৰা হবলগিয়া উচ্ছেদৰ প্ৰাকমুহূৰ্তত, প্ৰশাসনে আজি বিয়লি মাইক যোগে বেদখল উচ্ছেদৰ জানানী দিয়েে। কাইলৈ পুৱাৰ পৰা হবলগিয়া উচ্ছেদৰ বাবে বটদ্ৰৱাত ১৪৪ ধাৰা জাৰি কৰিছে নগাঁও জিলা প্ৰশাসনে।
আৰু পঢ়ক: ফিফা ট্ৰফী উন্মোচন দিপীকা পাডুকনৰ, প্ৰথম গৰাকী ভাৰতীয় হিচাপে কৰিলে গৌৰৱান্বিত...