বিদ্যুৎপৃষ্ট হৈ জীৱন-মৃত্যুৰে যুঁজিছে জিয়াবুৰ, চিকিৎসাৰ বাবে বিচাৰিছে সহায়ৰ হাত…

বিদ্যুৎপৃষ্ট হৈ জীৱন-মৃত্যুৰে যুঁজিছে জিয়াবুৰ, চিকিৎসাৰ বাবে বিচাৰিছে সহায়ৰ হাত…

author-image
asomiyapratidin
New Update
বিদ্যুৎপৃষ্ট হৈ জীৱন-মৃত্যুৰে যুঁজিছে জিয়াবুৰ, চিকিৎসাৰ বাবে বিচাৰিছে সহায়ৰ হাত…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱাৰ সমীপৱৰ্তী কেৰিমেৰীৰ এটি দুৰ্ভগীয়া পৰিয়াল। ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তিজন আজি শয্যাশায়ী। জিয়াবুৰ ৰহমান নামৰ শয্যাশায়ী ব্যক্তিজনে কাঠ মিস্ত্ৰীৰ কাম কৰি পৰিয়াল পোহপাল দি আহিছিল। ৰুগীয়া পিতৃ-মাতৃৰ লগতে নিজৰ পৰিয়ালটোক কষ্টৰে পোহপাল দি আহিছিল। বিধিৰ বিপাকত আজি তেওঁৰ জীৱন সংকটত।

Advertisment

তেওঁ বটদ্ৰৱা থানাৰ অন্তৰ্গত চলাপথাৰ গাঁৱৰ নাজিৰুল ইছলামৰ ঘৰৰ চালত টিনপাত লগাবলৈ গৈছিল। সেই ঘৰৰ ওপৰেৰে পাৰ হৈ গৈছে অতি উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক তাঁৰ। নাজিৰুল ইছলামে বিদ্যুৎ বিচ্ছিন্ন হোৱা বুলি নিশ্চয়তা দিয়াৰ পাছত, জিয়াবুৰে ঘৰৰ চালত উঠে আৰু লগে লগে বিদ্যুৎপৃষ্ট শৰীৰৰ প্ৰায় ৬০ শতাংশ জ্বলি যায়।

তাৎক্ষণিকভাৱে নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰায় যদিওঁ উন্নত চিকিৎসাৰ বাবে চিকিৎসকে প্ৰেৰণ কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ। বৰ্তমান তেওঁ জীৱন মৃত্যুৰে যুঁজি আছে চিকিৎসালয়ৰ বিছনাত। ইতিমধ্যে দুয়োটা কিডনী বিকল হৈ পৰিছে। তেওঁক দৈনিক প্ৰয়োজন তিনি ইউনিট তেজ।

পৰিয়ালে আৰ্থিক অনাতনৰ বাবে কৰিব পৰা নাই উন্নত চিকিৎসা। খবৰ লবলৈ আহৰি নাই বিদ্যুৎ কৰ্তন হোৱা বুলি নিজৰ ঘৰৰ চালিত উঠোৱা গৃহস্থ নাজিৰুল ইছলামৰ। দৰিদ্ৰ সিমাৰেখাৰ তলত বাস কৰা এই পৰিয়ালটোৰ উপাৰ্জনৰ নাই কোনো বেলেগ উপায়। যাৰ বাবে প্ৰদান কৰিব পৰা নাই উন্নত চিকিৎসা।

উপায়হীন হৈ এতিয়া সংবাদ মাধ্যমৰ যোগেদি চৰকাৰ আৰু হৃদয়বান ব্যক্তিক অলপ সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে এই দুৰ্ভগীয়া পৰিয়ালটোৱে। যদি কোনো হৃদয়বান ব্যক্তিয়ে সহায় কৰিব বিচাৰে তেন্তে ফোন নম্বৰ 8638174130ত যোগাযোগ কৰি ভাৰতীয় ষ্টেট বেংক খুটিকটিয়া শাখাত থকা A/C no- 36542713702, IFSC code- SBIN0005914 নং একাউণ্টত আগবঢ়াব পাৰে সহায়ৰ হাত।

আৰু পঢ়ক : দৰঙত জাপানিজ এনকেফেলাইটিজে লৈছে ভয়ংকৰ ৰূপ, ৭জনৰ মৃত্যু…

assam bjp gmc himanta biswa sarma guwahati Assam police