/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/0d143356-8642-43a1-b938-20e3736bd620/batadrava.jpg)
batadrava drugs
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অপৰাধীৰ ৰম্যভূমিত পৰিণত হোৱা নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ ৰাইজে আৰক্ষীলৈ বহি নাথাকি এতিয়া নিজেই অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান।
বটদ্ৰৱাৰ সমীপৰ জুৰিয়া থানাৰ অন্তৰ্গত জামুগুৰি গাঁৱত ৰাইজে খেদি খেদি আটক কৰে ড্ৰাগছসহ এজন পেডলাৰক। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো বাটমাৰী গাঁৱৰ ৰিবোল আহমেদ বুলি জানিব পৰা গৈছে।
ড্ৰাগছ সৰবৰাহকাৰীটো ইতিমধ্যে দক্ষিণ জামুগুৰিত থকা কেইবাটাও বৃহৎ ড্ৰাগছৰ ঘাটিৰ পৰা ড্ৰাগছখিনি ক্ৰয় কৰা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। উল্লেখ্য যে আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ গ্ৰহণ কৰি দক্ষিণ পশ্চিম জামুগুৰি আৰু ভোমোৰাগুৰি অঞ্চলত প্ৰায় মুকলিকৈয়েই বিক্ৰী হৈ আহিছে ড্ৰাগছ।
পৰৱৰ্তী সময়ত ধৃত ড্ৰাগছ পেডলাৰ জনক উদ্ধাৰ হোৱা ড্ৰাগছৰ কন্টেনাৰসহ ৰাইজে স্থানীয় গাঁওৰক্ষী বাহিনীৰ উপস্থিতিত দগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ হাতত চমজাই দিয়ে।