দলংঘাট ব্লক কংগ্ৰেছ কমিটিৰ প্ৰতিবাদ…  

দলংঘাট ব্লক কংগ্ৰেছ কমিটিৰ প্ৰতিবাদ…  

author-image
asomiyapratidin
New Update
দলংঘাট ব্লক কংগ্ৰেছ কমিটিৰ প্ৰতিবাদ…  

ডিজিটেল সংবাদ, বটদ্ৰৱা : মুল্যবৃদ্ধি, নিবনুৱা সমস্যা, বান সাহাৰ্যক লৈ ৰাজনীতি আৰু অত্যাৱশ্যকীয় সামগ্ৰীত লগোৱা GSTৰ বিৰুদ্ধে শুকুৰবাৰে দেশজুৰি কংগ্ৰেছ দলে সাব্যস্ত কৰে প্ৰতিবাদ। বটদ্ৰৱা সমষ্টিৰ দলংঘাট ব্লক কংগ্ৰেছেও অভিনৱ প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰে।

দলংঘাট ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি মঞ্জুল বৰদলৈৰ নেতৃত্বত শতাধিক নেতা-কৰ্মীয়ে গৰুগাড়ী আৰু গেছ চিলিণ্ডাৰ লৈ এই প্ৰতিবাদী সমদল উলিয়াই। এই প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত বটদ্ৰৱা সমষ্টিৰ দলংঘাট উন্নয়ন খণ্ড কাৰ্যলয়ত কংগ্ৰেছৰ প্ৰতিবাদী সমদল উপস্থিত হৈ খণ্ড উন্নয়ন বিষয়াৰ যোগেদি চৰকাৰলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

আৰু পঢ়ক : কিয় বেসুৰা গান গাব? হিৰ' আলমক আটক কৰিলে আৰক্ষীয়ে…

assam Assam police congress protest