/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/lina.jpg)
ডিজিটেল সংবাদ,নগাঁও: বটদ্ৰৱা আৰক্ষী থানাৰ অগ্নিসংযোগৰ ঘটনাৰ সন্দৰ্ভত নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেয়ে সোমবাৰে এক সংবাদমেল সম্বোধন কৰে ৷ আৰক্ষী অধীক্ষক লীনা দলেয়ে জনোৱা মতে ঘটনাৰে জড়িত ২০ জন লোকক চিনাক্ত কৰা হৈছে ৷ ইয়াৰে ৬ জনক গ্ৰেপ্তাৰ কৰা হৈছে ৷ আটাইকেইজনক আদালতত হাজিৰ কৰাৰ পিছত আদালতে পাঁচ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰন কৰিছে ৷
আৰক্ষীয়ে পোন্ধৰ দিনৰ বাবে জিম্মাত বিচাৰিছিল যদিও আদালতে পাঁচ দিনৰ বাবেহে জিম্মাত দিয়ে ৷ ইফালে আক্ৰমনৰ ঘটনাৰে বৰদোৱা থানৰ মাটি বেদখলকাৰী জৰিত থকাৰ সন্দেহ কৰি আৰক্ষীয়ে নগাঁও জিলা উপায়ুক্তলৈ এক পত্ৰ প্ৰেৰণ কৰি বুলি অধীক্ষকে কয় ৷ উপায়ুক্তক বেদখলৰ সন্দৰ্ভত এক জৰীপ কৰিবলৈ অনুৰোধ কৰি পত্ৰ প্ৰেৰণ কৰা বুলি জনায় ৷
বাংলাদেশৰ নিষিদ্ধ সংগঠন আনাৰুল বাংলা গোট চমুকৈ এ বি টি এই ঘটনাৰে জড়িত থকাৰ সন্দৰ্ভটো তদন্ত চলাই থকা বুলি মন্তব্য কৰি অধীক্ষক দলেয়ে কয় যে চিনাক্তকৰণ হোৱা ২০ জন লোক পূৰ্বে আইন বিৰোধী কামৰে জড়িত আছিল ৷ বাসভৱন সমূহত আইন বিৰোধী কাম কাজ চলাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে ৷ আৰক্ষী থানাৰ ওপৰত চলা আক্ৰমন গ্ৰহণ যোগ্য নহয় বুলি মন্তব্য কৰি আৰক্ষী বিষয়া গৰাকীয়ে কয় যে আক্ৰমনকাৰীৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব ৷ ভৱিষ্যতে যাতে পুনৰ এনে কাম কৰিবলৈ সাহস নকৰে বুলি কয় দলেয়ে ৷
সংবাদমেলত নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেয়ে কয় যে বটদ্ৰৱা আৰক্ষী থানাৰ নিলম্বিত ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে আৰক্ষী জিম্মাত ছফিকুল ইছলাম অসুস্থ হোৱা , চিকিৎসালয়লৈ নিয়া বা মৃত্যু হোৱা খবৰ সময় মতে দিয়া নাছিল ৷ ৰিপৰ্টিঙ কৰোতে যথেষ্ট পলম কৰিছিল ৷ ফলত অতিৰিক্ত আৰক্ষী মোতায়ন কৰাৰ পূৰ্বে থানাৰ ওপৰত আক্ৰমণ চলিছিল ৷ যাৰ বাবে বিষয়াজনক নিলম্বিত কৰা হৈছে ভাৰপ্ৰাপ্ত বিষয়া গৰাকীক।
আৰু পঢ়ক: মৰিগাঁও জিলাৰ ২৯ খন সমবায় সমিতিৰ ২১ জন এজেন্টক নিলম্বন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us