ঘৰ বুলিবলৈ এটা কোঠালি, এখন বিচনা, তাৰপাছতো ৫টা বিষয়ত লেটাৰ নম্বৰ লাভ ৰৌণিকৰ…

ঘৰ বুলিবলৈ এটা কোঠালি, এখন বিচনা, তাৰপাছতো ৫টা বিষয়ত লেটাৰ নম্বৰ লাভ ৰৌণিকৰ…

author-image
asomiyapratidin
New Update
ঘৰ বুলিবলৈ এটা কোঠালি, এখন বিচনা, তাৰপাছতো ৫টা বিষয়ত লেটাৰ নম্বৰ লাভ ৰৌণিকৰ…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ এটা সৰু ঘৰ। শোৱনি কোঠা বুলিবলৈ মাত্ৰ এটাই। এখনেই মাত্ৰ বিচনা। তাৰ ওপৰতে খাই, পঢ়ি, শুই হাইস্কুল শিক্ষান্ত পৰীক্ষাত নাম উজ্বলালে এজন কিশোৰে। পিতৃ গাড়ী কণ্ডাক্টৰ কৰি পোহপাল দিয়া চাৰিজনীয়া অতি দৰিদ্ৰ পৰিয়ালৰ পুত্ৰ ৰৌনিক দাসে জুয়ে পোৰা সোনৰ দৰে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা ফলাফলত জিলিকি উঠিছিল।

Advertisment

'মানুহৰ জীৱনত কষ্টৰ অসাধ্য একো নাই' বোলা আপ্ত বাক্যশাৰী সঁচা অৰ্থত প্ৰমান কৰি মেধাৰ পৰিচয়েৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা ৰৌনিকে পাঁচটা বিষয়ত লেটাৰ নম্বৰ সহ ডিষ্ট্ৰিংচন লাভ কৰি কঢ়িয়াই আনিছে গৌৰৱ ৷

মেধাৱী ছাত্ৰ জনে অসমীয়াত ৯৬, গনিতত ৯৬, সমাজ বিজ্ঞানত ৯৫, বিজ্ঞানত ৮৪, ঐচ্চিক গনিতত ৯৩ নম্বৰ লাভ কৰে। নগাঁও চৰকাৰী বালক বুনিয়াদী বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উৰ্ত্তীন হোৱা ৰৌনিক দাস লক্ষ্য ভৱিষ্যতে এগৰাকী বৈজ্ঞানিক হোৱা৷ সেই উদ্দেশ্যৰেই তেওঁ বিজ্ঞান শাখাত এখন ভাল মহাবিদ্যালয়ত পঢ়াৰ আছে দুৰ্বাৰ হেঁপাহ ৷

কিন্তু ধনৰ অভাৱত ছাত্ৰজনৰ ভৱিষ্যতৰ সপোন ধুৱলি কুঁৱলী হৈ পৰাৰ সময়তে ভাৰতীয় ষ্টেট বেংকৰ হয়বৰগাঁও শাখাৰ মুখ্য পৰিচালক ৰূপক দাসে শুকুৰবাৰে ছাত্ৰজনৰ ঘৰত উপস্থিত হৈ তেওঁৰ লগতে পৰিয়ালটোক সাহস, সহায়ৰ আশ্বাস দিয়ে ৷ সুহৃদ, মানৱদৰদী এছ বি আইৰ শীৰ্ষ বিষয়াজনে ফুলাম গামোছাৰে ৰৌনিকৰ লগতে মাতৃক সম্বৰ্ধনা জনোৱাৰ লগতে আজি নগদধন আগবঢ়ায় ৷

মুখ্য পৰিচালক দাসে ৰৌনিকৰ নামত ভাৰতীয় ষ্টেট বেংকৰ হয়বৰগাঁও শাখাত এটি একাউন্ট খুলি দিয়াৰ লগতে ছাত্ৰজনে উচ্চতৰ মাধ্যমিকত পঢ়া দুটা বছৰত পঢ়াৰ খৰচৰ বাবদ প্ৰতি মাহে নিজৰ ফালৰ কিছু পৰিমানৰ ধন জমা কৰি যাব বুলি প্ৰতিশ্ৰুতি দিয়ে ৷ এই প্ৰতিশ্ৰুতিয়ে মেধাবী ছাত্ৰজনৰ লগতে পৰিয়ালটোলৈ আশা বতৰা কঢ়িয়াই অনা বুলি প্ৰকাশ কৰি ৰৌনিক আৰু তেওঁৰ মাতৃয়ে বেংক বিষয়াগৰাকীক কৃতজ্ঞতা জনায় ৷ হয়বৰগাঁও শাখাৰ মুখ্য পৰিচালক ৰূপক দাসৰ এনে মহানুভৱতাৰ স্থানীয় লোকসকলে শলাগ লৈছে।

আৰু পঢ়ক: বঙাইগাঁৱৰ কুশলাইগুৰিত ব্যাহত ৰে'লৰ সেৱাঃ যাত্ৰীৰ মাজত হাহাকাৰ….

assam batadrava