বটদ্ৰৱাত যিকোনো মুহুৰ্ততত প্ৰশাসনে চলাব পাৰে উচ্ছেদ অভিযান

সম্প্ৰতি নগাঁও জিলাৰ বটদ্ৰৱাৰ হাইডুবি পথাৰত আতংকময় পৰিৱেশ বিৰাজ কৰিছে।

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাত যিকোনো মুহুৰ্ততত প্ৰশাসনে চলাব পাৰে উচ্ছেদ অভিযান

ডিজিটেল সংবাদ, বটদ্ৰৱা: সম্প্ৰতি নগাঁও জিলাৰ বটদ্ৰৱাৰ হাইডুবি পথাৰত আতংকময় পৰিৱেশ বিৰাজ কৰিছে। কিয়নো বেদখল হৈ থকা বটদ্ৰৱাৰ হাইডুবি পথাৰৰ চৰকাৰী কৃষি বিভাগৰ বীজ পামৰ ভূমিত যি কোনো মুহূৰ্তত নগাঁও জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান চলিব পাৰে।

Advertisment

উক্ত স্থানত দীৰ্ঘদিন ধৰি চলি থকা বেদখলকাৰীৰ বাসগৃহত চলিব পাৰে প্ৰশাসনৰ বুলড'জাৰ। নগাঁও জিলা প্ৰশাসনে বেদখলকাৰী লোকলৈ যোৱা কালি জাননী দিয়াৰ পিছতেই আজি চৰকাৰী ভূমিত বসবাস কৰি থকা একাংশ লোক অন্য স্থানলৈ স্থানান্তৰিত হৈছে।

বেদখলকৃত ভূমিত ঘৰ সাজি বসবাস কৰি থকা একাংশ লোকে ঘৰ বাৰী ভাঙি , অন্য স্থানলৈ লাগতিয়াল সা - সামগ্ৰী লৈ গৈছে। ইয়াৰ পিছত বটদ্ৰৱাৰ ৰামপুৰসত্ৰ, হাইডুবি পথাৰৰ কৃষি বীজপামৰ নামত আবণ্টিত ভূমি , ধনীয়াভেটি লালুং গাঁৱৰ জামাই বস্তি আৰু কদমনি পথাৰৰ চৰকাৰী ভূমি আৰু প্ৰাক্তন সৈনিকৰ নামত আবণ্টিত ভূমিত নগাওঁ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান চলাৰ সম্ভাৱনা আছে।

প্ৰকাশ থাকে যে গুৰুজনাৰ পবিত্ৰ জন্মভূমি শ্ৰীশ্ৰীবটদ্ৰৱা থানৰ আশে-পাশে থকা বৃহৎ পৰিমাণৰ চৰকাৰী ভূমি বেদখলকাৰীৰ কবলত থকা বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে। বিশেষকৈ এই চৰকাৰী ভূমিত একাংশ লোকে ঘৰ-বাৰী সাজি বিজুলী সংযোগৰ লগতে সকলো চৰকাৰী সা-সুবিধা লাভ কৰা বিষয়টো অতি তাৎপৰ্যপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি বটদ্ৰৱা থানৰ সমীপৰ এই চৰকাৰী ভূমি বেদখলৰ বিষয়টো সন্দৰ্ভত বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে বাৰম্বাৰ নগাঁও জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰক অৱগত কৰি আহিছে যদিও এই ক্ষেত্ৰত প্ৰশাসনে কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই বেদখলকাৰীয়ে বীৰদৰ্পে বেদখল সম্প্ৰসাৰণ কৰি আহিছিল।

আনকি এই বেদখলকাৰীৰ অধিকাংশই বিভিন্ন অপৰাধৰ লগত জড়িত হৈ থকাৰো তথ্য লাভ কৰাৰ তথ্য সদৰী কৰিছিল আৰক্ষীয়ে। উল্লেখ্য যে, বটদ্ৰৱা থানৰ নামত চৰকাৰী ভাৱে প্ৰায় ৩০০ বিঘা বিঘা ভূমি আবন্টন হৈ আছে যদিও থানখনৰ চৌপাশে থকা এক বৃহৎ পৰিমাণৰ চৰকাৰী ভূমি বেদখলকাৰীৰ কৱলত আছে।

বিশেষকৈ হাইডুবি পথাৰৰ চৰকাৰী কৃষি বীজপামৰ ৩৪৬ নং দাগৰ প্ৰায় ৮০ বিঘা মাটি,বটদ্ৰৱা বৰহিছা সত্ৰৰ ১২৩ নং দাগৰ ১২৩ বিঘা মাটি, কৃষি বীজ পামৰ ৩৪৬ নং দাগৰ ১৫০ বিঘা মাটি, শান্তিজান বজাৰৰ প্ৰায় ৫ বিঘা মাটি আৰু ভোমোৰাগুৰি কিচামৰ ৭৩৩ নং দাগৰ ১০৪ বিঘা মাটি বেদখলকাৰীৰ কবলত আছে।

এই তথ্য অনুসৰি বটদ্ৰৱাৰ চৌপাশে এতিয়া প্ৰায় পাঁঁচশ বিঘা ভূমি বেদখল হৈ আছে।এই বেদখলকৃত ভূমিত বেদখলকাৰীয়ে চৰকাৰী আঁচনিৰ সকলো সা-সুবিধা লাভ কৰাৰ লগতে বিদ্যুৎ সংযোগো লাভ কৰিছে। একাংশই কৃষি ভূমি আৰু আন একাংশই বৃহৎ বৃহৎ পুখুৰী খান্দি মৎস্য পালন কৰি ব্যক্তিগত লাভালাভ আদায় কৰি আহিছে।

ভেটিয়নি গাঁৱৰ পিছফালে জমাইবস্তিত পকী ঘৰ-দুৱাৰ সাজি শতাধিক লোকে প্ৰায় আঢ়ৈশ বিঘা মাটি বেদখল অব্যাহত ৰাখিছে। একেদৰে শান্তিজান বজাৰৰ প্ৰায় পাঁচ বিঘা মাটি পুখুৰী খান্দি দখল কৰি আহিছে বেদখলকাৰীয়ে। ৰামপুৰসত্ৰ আজি অস্তিত্বহীন। সতীৰাধিকাৰ জন্মস্থান বটদ্ৰৱাৰ কোবাইকটা সত্ৰ আজি বেদখলকাৰীৰ কবলত আছে। আটাইতকৈ ভয়ংকৰ ভাৱে প্ৰাক্তন সৈনিকৰ নামত আবণ্টিত ৩০০ বিঘা ভূমিও বেদখলকাৰীৰ কবলত আছে।

দীৰ্ঘদিন ধৰি বটদ্ৰৱা থানৰ চৌদিশে থকা এই চৰকাৰী ভুমি বেদখল মুক্ত কৰাৰ চেষ্টা চলাই আহিছে যদিও কি কাৰণে সফল হ'ব পৰা নাই সেইটো এতিয়া লাখটকীয়া প্ৰশ্ন হৈ পৰিছে।এনে প্ৰেক্ষাপটত অসমৰ বৃহৎ ধৰ্মীয় অনুষ্ঠান বটদ্ৰৱা থানৰ চৌদিশে চৰকাৰী ভূমিত চলোৱা মাফিয়াগিৰিয়ে ভৱিষ্যতে এক অশনি সংকেত কঢ়িয়াই আনাৰ সম্ভাৱনা আছে।

অৱশ্যে বিজেপি চৰকাৰৰ প্ৰথমটো কাৰ্যকালত বটদ্ৰৱা থানাৰ কিছু ভূমিৰ বেদখল প্ৰশাসনে উচ্ছেদ চলাইছিল। আনহাতে, সত্ৰকে আদি কৰি সকলো ধৰ্মীয় অনুষ্ঠানৰ ভূমি বেদখলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিচাপে দ্বায়িত্ব ভাৰ গ্ৰহণ কৰাৰ পাছতে কঠোৰ ভূমিকা গ্ৰহণ কৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত বাস্তৱ? পদক্ষেপ গ্ৰহণ কৰিব বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে।

আনহাতে জাননী জাৰি কৰাৰ পিছত প্ৰশাসনে কেনে পদক্ষেপৰ মাজেৰে আগবাঢ়ে সেইটো স্বাভাৱিকতে লক্ষণীয় হ'ব। শেহতীয়া পৰিস্থিতিত চৰকাৰ তথা প্ৰশাসনৰ ভূমিকা স্বাভাৱিকতে লক্ষণীয় হ'ব।

assam batadrava