বটদ্ৰৱাত ষ্টেট বেংক অফ ইণ্ডিয়াৰ “বিত্তীয় সাক্ষৰতা আৰু সামাজিক সুৰক্ষা আঁচনি” শীৰ্ষক সজাগতা সভা…

বটদ্ৰৱাত ষ্টেট বেংক অফ ইণ্ডিয়াৰ “বিত্তীয় সাক্ষৰতা আৰু সামাজিক সুৰক্ষা আঁচনি” শীৰ্ষক সজাগতা সভা…

author-image
asomiyapratidin
New Update
বটদ্ৰৱাত ষ্টেট বেংক অফ ইণ্ডিয়াৰ “বিত্তীয় সাক্ষৰতা আৰু সামাজিক সুৰক্ষা আঁচনি” শীৰ্ষক সজাগতা সভা…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱাৰ শান্তিজান বজাৰত থকা ষ্টেট বেংক অফ ইণ্ডিয়াৰ গ্ৰাহক সেৱা কেন্দ্ৰত আজি "বিত্তীয় সাক্ষৰতা আৰু সামাজিক সুৰক্ষা আঁচনি" শীৰ্ষক এখনি সজাগতা সভা অনুষ্ঠিত হয়। আজাদী কি অমৃত মহোৎসৱ উপলক্ষে আগষ্ট মাহজুৰি ষ্টেট বেংকে হৰ ঘৰ সুৰক্ষা আঁচনিৰ দ্বাৰা সমাজৰ সকলো শ্ৰেণীৰ লোকৰ আৰ্থ সামাজিক নিৰাপত্তা আৰু সৱলীকৰণৰ বাবে সজাগতা চলাই আছে।

Advertisment

সৰ্বসাধাৰণৰ বিত্তীয় সাক্ষৰতা আৰু সামাজিক সুৰক্ষাতাৰ বাবে ষ্টেট বেংকে মাহজোৰা "মনচুম সজাগতা" শীৰ্ষক কাৰ্যসূচী হাতত লৈ আজি নগাঁও জিলাৰ বটদ্ৰৱাৰ শান্তিজান বজাৰত এই সজাগতা সভা অনুষ্ঠিত কৰে। সজাগতা সভাত উপস্থিত থাকি ষ্টেট বেংক অফ ইণ্ডিয়াৰ সহকাৰী মহাপ্ৰৱন্ধক পাৰ্থপ্ৰতিম শৰ্মাই উপস্থিত ৰাইজক "প্ৰধান মন্ত্ৰী জীৱন জ্যোতি যোজনা, প্ৰধান মন্ত্ৰী সুৰক্ষা বীমা যোজনা, অটল পেঞ্চন যোজনা" আদি বিভিন্ন আঁচনি সমূহৰ লগত কেনেকৈ সংযুক্ত হব পাৰি, লগতে আঁচনি সমূহৰ সুফল কেনেদৰে লাভ কৰিব পাৰি তাৰ বিষয়ে ভাষন প্ৰদান কৰে।

অনুষ্ঠানটিত ষ্টেট বেংক অফ ইণ্ডিয়াৰ প্ৰবন্ধক মনোজ সেন, জিন্টু গোস্বামী, হবিবুৰ ৰহমান, অৰুণ বৰুৱা, গ্ৰাহক সেৱা কেন্দ্ৰৰ কৰ্মকৰ্তা ৰাহুল আমিন, সমাজকৰ্মী লোকমান হেকিমকে আদি কৰি অঞ্চলটোৰ পাঁচ শতাধিক লোক উপস্থিত থাকে।

assam sbi batadraba