বটদ্ৰৱা দৌল মন্দিৰৰ নৱনিৰ্মিত তোৰণ উন্মোচন…

বটদ্ৰৱা দৌল মন্দিৰৰ নৱনিৰ্মিত তোৰণ উন্মোচন…

author-image
asomiyapratidin
New Update
বটদ্ৰৱা দৌল মন্দিৰৰ নৱনিৰ্মিত তোৰণ উন্মোচন…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম অসমীয়া নাটক "চিহ্নযাত্ৰা" পৰিবেশণৰ থলী তথা প্ৰথম অসম মুলুকত দৌল উৎসৱ(ফাকুৱা)উদযাপনেৰে অসমীয়া সংস্কৃতি অংকুৰণৰ থলী ঐতিহ্যমণ্ডিত বটদ্ৰৱা দৌল মন্দিৰৰ এটি আটকধুনীয়া নৱনিৰ্মিত তোৰণ আজি উন্মোচন কৰা হয়। ৰাইডঙীয়াৰ কৃৰ্তি শিক্ষয়িত্ৰী, প্ৰয়াত মধুমতি বৰাৰ সোঁৱৰণত স্বামী লক্ষ্মী বৰা আৰু তেওঁৰ পৰিয়ালবৰ্গই আগবঢ়োৱা সত্ৰীয়া সংস্কৃতিৰ ৰূপৰেখা প্ৰতিফলিত এই তোৰণটি উন্মোচন কৰে শংকৰী কলা সংস্কৃতিক গৱেষক পণ্ডিত ড° নৰেন কলিতাই।

Advertisment

তোৰণটি উন্মোচন কৰি ড° কলিতাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুৰু মহেন্দ্ৰ কন্দলি সংস্কৃত টোলৰ সমীপতে দৌল মন্দিৰৰ নৱনিৰ্মিত তোৰণটি আগবঢ়াবলৈ পোৱা সৌভাগ্যৰ বাবে লক্ষ্মী বৰাক শুভেচ্ছা জ্ঞাপন কৰে। বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাই আঁত ধৰা অনুষ্ঠানটিৰ আৰম্ভণিতে নৱনিৰ্মিত তোৰণৰ দুই স্তম্ভত দুগচি বন্তি প্ৰজ্বলন কৰে বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে।

গায়ন বায়ন, আয়তীৰ উৰুলিৰ ধ্বনিৰ মাজেৰে অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ব্ৰজেন কাকতি, সম্পাদক অৰূপ কুমাৰ শইকীয়াকে প্ৰমুখ্য কৰি সদস্যবৃন্দ, ড০ চয়নিকা বৰা, ড০ হৰিচৰণ কলিতা, নিহাৰিকা বৰা, ৰাজুমনি কলিতা, প্ৰবীণ কলিতা, বুধেন বৰা, তোৰণটি নিৰ্মাণকাৰ্য্যৰ শিল্পী প্ৰশান্ত বৰদলৈকে প্ৰমুখ্য কৰি ভকত বৈষ্ণৱ, আইমাতৃ সকল উপস্থিত থাকে।

আৰু পঢ়কঃ আপুনিও লাভ কৰিব পাৰে ৯০ লাখ ! NIA ক সন্ধান দিয়ক এই কেইজন ব্যক্তিৰ…

assam assam govt batadraba