/asomiyapratidin/media/media_files/2024/12/13/8PTShgxKzNYkPaQ81Q2W.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ সোনাইপৰীয়া অঞ্চল ৰাইডঙীয়াৰ কৰচোং সত্ৰত ১৯৭৪ চনত স্থাপিত উদয় চন্দ্র শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয় খনিয়ে ইতিমধ্যে সোনালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে। তদুপলক্ষে বিদ্যালয় খনিৰ সোনালী জয়ন্তী উৎসৱটি বৰ্ষজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কাইলৈ পৰা দুদিনীয়াকৈ সোনালী জয়ন্তী উত্সৱৰ সামৰণি অনুষ্ঠানটি বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হব। প্ৰস্তুতি তুংগত উঠিছে।
বিদ্যালয়ত চূন তেল সানি সজাই পৰাই তোলা হৈছে। পৰিবেশ নিৰাকৰণ কৰা হৈছে আৰু বিদ্যালয় প্ৰাংগণত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। ইতিমধ্যে যোৱা ১৩ জুলাইত বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰছাত্ৰীসকলৰ সন্মিলন সুন্দৰকৈ সমাপন হৈছে। বৃহত্তৰ ৰাইডঙীয়া অঞ্চলৰ উচ্চ শিক্ষাৰ বাটকটীয়া এই উদয় চন্দ্র শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱোজ্বল সোণালী জয়ন্তীৰ সামৰণী অনুষ্ঠানটি কাইলৈ ১৪ ডিচেম্বৰৰ দিনা পুৱা ঘনকান্ত বৰদলৈয়ে উষা কীর্তন পৰিৱেশন কৰাৰ পাছত পুৱা ৮.০০ বজাত বিদ্যালয়ৰ পতাকা উত্তোলন কৰিব উদয় চন্দ্র শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয় প্রধান শিক্ষয়িত্রী জ্যোতি ভূঞাই ৷
সোণালী জয়ন্তী পতাকা উত্তোলন কৰিব সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি নৱকমল ৰাজাৰ লগতে অঞ্চলৰ ৪৯ জন বৰেণ্য ব্যক্তিয়ে, স্মৃতি তর্পণ কৰিব বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্রধান শিক্ষয়িত্রী বাসন্তী শইকীয়াই। পুৱা ৯.৩০ বজাত প্রদর্শনীৰ দ্বাৰ উন্মোচন কৰিব আইলক্ষ্মী আঞ্চলিক আত্মানন্দ দেৱ উচ্চ মাধ্যমিক বিদ্যালয় প্ৰধান শিক্ষক সোণটি কলিতাই।
পুৱা ১০.০০ বজাত বিদ্যালয়ৰ প্ৰাচীৰ পত্রিকা উন্মোচন কৰিব ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মুক্তি দাসে৷ পুৱা ১১.০০ বজাত “ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক আৰু বৌদ্ধিক উত্তৰণত সামাজিক দায়বদ্ধতা” শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হব। আলোচনাচক্ৰত সঞ্চালিকা কৰিব বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী তথা লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয় সহকাৰী অধ্যাপিকা ড০ মঞ্জুমণি শইকীয়াই৷ নগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে উদ্ধোধক কৰিবলগীয়া আলোচনা চক্ৰখনত আলোচক ৰূপে অংশ ল’ব সাহিত্যিক, সাংবাদিক তথা “নন্দিনী”ৰ সম্পাদক মাইনী মহন্ত আৰু সাংবাদিক দীপক শৰ্মাই৷ বিয়লি ২-৩০ বজাৰ পৰা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী সন্মিলনীৰ সভানেত্ৰী ৰূপামনি শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত হ’বলগীয়া প্ৰাক্তন ছাত্ৰছাত্ৰী সন্মিলন আৰু সম্বৰ্ধনা অনুষ্ঠান উদ্ধোধন কৰিব সম্পাদিকা অনু দাসে৷ সন্ধিয়া বিৰেন পাঠকৰ বন্তি প্ৰজ্বলনৰ পাছত অতিথি শিল্পী ৰাজশ্ৰী কলিতাই অংশগ্ৰহণ কৰিব লগা সাংস্কৃতিক অনুষ্ঠান উদ্ধোধক কৰিব আনন্দৰাম ঢেকীয়ালফুকন মহাবিদ্যালয়ৰৰ অধ্যক্ষ ড০ সদানন্দ পাায়ঙে।
১৫ ডিচেম্বৰৰ পুৱা ৮ বজাত সোনাইনদী উত্তৰ আঞ্চলিক সৌৰভ শাখা সাহিত্য সভাৰ সভাপতি দিলীপ বৰাৰ দ্বাৰা বৃক্ষৰোপণ কাৰ্যসূচী সমাপনৰ পাচতে উলিয়াব লগা সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধক কৰিব বিশিষ্ট সমাজসেৱক ধীৰসিং পাটৰে৷ বিয়লি ১ বজাত প্ৰাক্তন সাংসদ বিষ্ণুপ্ৰসাদে তেওঁৰ পিতৃ তথা বিদ্যালয়ৰ প্ৰতিষ্ঠাতা উদয় চন্দ্ৰ শইকীয়াৰ স্মৃতিত নিৰ্মাণ কৰি দিয়া আবক্ষ প্ৰতিমূৰ্তি উন্মোচন কৰিব চত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই৷ বিয়লি ২ বজাত সোণালী জয়ন্তী উদ্যাপন সমিতিৰ সভাপতি নৱকমল ৰাজাৰ পৌৰোহিত্যত অনুষ্ঠিত হ’ব লগা মুকলি সভা উদ্ধোধন কৰিব মন্ত্ৰী কেশৱ মহন্তই।
সভাত বিশিষ্ট অতিথি ৰূপে নগাঁও সদৰ বিধান সভা সমষ্টি বিধায়ক ৰূপক শৰ্মা আৰু নিৱন্ধকাৰ-লেখক মোহিনী মোহন ডেকা উপস্থিত থাকিব৷ স্মৃতিগ্রন্থ উন্মোচন কৰিব ৰূপহী মহাবিদ্যালয় অৱসৰী অধ্যাপক ড০ ভদ্রকান্ত বৰাই। সন্ধিয়া বিদ্যালয় পৰিচালনা সমিতিৰ উপসভাপতি গুণাৰাম বৰাই বন্তি প্ৰজ্বলনৰ পাছত জনপ্ৰিয় কন্ঠশিল্পী বৰ্ণালী কলিতাই সাংস্কৃতিক অনুষ্ঠানত গীত পৰিবেশন কৰিব বুলি উদ্যাপন সমিতিৰ সভাপতি নৱকমল ৰাজা আৰু মুখ্য সম্পাদিকা জ্যোতি ভূঞাই জানিবলৈ দিছে।