Advertisment

পাৰ্থিৱ সুখ অস্থায়ীঃ বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ননীগোপাল মহন্ত...

পাৰ্থিব সুখ অস্থায়ী। আমাক প্ৰকৃত আনন্দ দিয়ে পৰমানন্দ কৃষ্ণই। ভগবানৰ সংজ্ঞা কেৱল মনিকূট, মন্দিৰত নাই। ভগবান আমাৰ হৃদয়ত বিৰাজমান।" এই বক্তব্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ননীগোপাল মহন্তৰ।

author-image
Asomiya Pratidin
New Update
শংকৰ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ  "পাৰ্থিব সুখ অস্থায়ী। আমাক প্ৰকৃত আনন্দ দিয়ে পৰমানন্দ কৃষ্ণই। ভগবানৰ সংজ্ঞা কেৱল মনিকূট, মন্দিৰত নাই। ভগবান আমাৰ হৃদয়ত বিৰাজমান।" এই বক্তব্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ননীগোপাল মহন্তৰ।

Advertisment

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত "বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠান"ৰ বাৰ্ষিক দ্বি-ভাষিক পত্ৰিকাৰ উন্মোচন কাৰ্যসূচীত উন্মোচক তথা মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি তেওঁ আৰম্ভনিতে শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ কৰ্মৰাজীক প্ৰশংসা কৰি কয় "গুৰুজনাৰ অনুপম আৱদান নৃত্য গীত বাদ্যৰ মহান, পৰম্পৰা চৰ্চা আৰু প্ৰচাৰ প্ৰসাৰ বাবে যি প্ৰচেষ্টা হাতত লৈছে, সচাকৈ মহান।" "মহাপুৰুষ শংকৰদেৱ কেৱল এজন ব্যক্তি নহয়, তেঁও এটা আন্দোলন।

গুৰুজনাৰ সেই আন্দোলনৰ আজ্ঞাবৰ সকলকো আমি স্বৃকীত দিব লাগে। শংকৰদেৱৰ সমাজ দৰ্শনত গুৰুত্বপূৰ্ণ প্ৰভাৱ আছে শ্ৰীমদ্ভগৱদ পুৰাণৰ।" বুলি তত্বগধুৰ ভাষণ দি, "জীৱন ৰস, ব্ৰহ্মৰ দুটা স্বৰূপ বিশ্লেষণ কৰি,  "নাৰায়ণ হৈছে ব্ৰহ্ম স্বৰূপ,  তেঁও অনন্ত। কৃষ্ণ হৈছে আদিপুৰুষ, কৃষ্ণ হৈছে ৰসময় ব্ৰহ্ম। আনন্দ ব্ৰহ্ম। কৃষ্ণ মানে আনন্দ। শংকৰ মাধৱ দুজন পৰিপূৰক। ইজনক বাদ দি সিজনক চিন্তিব নোৱাৰি। শংকৰদেৱৰ দৰ্শন বিজ্ঞানসন্মত।" বুলি তত্বগধুৰ ভাষণ প্ৰদান কৰে।

পূৱ ক্ষেত্ৰীয় কমিটি, ৰাষ্ট্ৰীয় অধ্যাপক শিক্ষা পৰিষদ( National Council for Teacher Education)ৰ অধ্যক্ষ 
ড০ দিব্যজ্যোতি মহন্তৰ বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত প্ৰথমে বৰগীত পৰিৱেশন কৰে বিশিষ্ট সত্ৰীয়া শিল্পী ৰঞ্জিত মহন্তই, খোল আৰু তাল সংগত কৰে মনোৰঞ্জন গোস্বামী আৰু দিব্যজ্যোতি বৰুৱাই। পাছত বটদ্ৰৱাৰ যুৱক বৃন্দই "ৰামধেমালি" শীৰ্ষক গায়ন বায়নৰ অনুষ্ঠান পৰিবেশন কৰে। পাছত ভাষন প্ৰদান কৰি ড০ দিব্যজ্যোতি মহন্তই "শংকৰদেৱৰ ভগবান তত্ব, পৰিশীলিত সমাজত বাস্তৱত ৰূপায়ন কৰিব লাগে।"  বুলি উল্লেখ কৰে।

পাছত নৰোৱা কুজি সত্ৰৰ, সত্ৰাধিকাৰ নিত্যানন্দ দেৱ গোস্বামীয়ে "শ্ৰীমন্ত শংকৰদেৱৰ  সৃষ্টিৰাজি গৱেষণাৰ বস্তু। এই শ্ৰীমন্ত শংকৰদেৱৰ নামত প্ৰতিষ্ঠা লাভ কৰা গৱেষণা প্ৰতিষ্ঠানলৈ উত্তৰ পুৰুষ ধাৱমান হব লগে, তেওঁলোকসধাৱমান হলে, গুৰুজনাৰ সৃষ্টি উপলব্ধি হব, আধ্যাত্মিক চিন্তা প্ৰসাৰ হব আৰু সমাজ সুন্দৰ হব" বুলি ভাষন প্ৰদান কৰে।

অনুষ্ঠানত নিমন্ত্ৰিত অতিথি ৰূপে অংশ গ্ৰহণ কৰি শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য ড০ মৃদুল হাজৰিকাই "শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানে গুৰুজনাৰ শিল্প সংস্কৃতি সাহিত্য প্ৰচাৰ প্ৰসাৰ আৰু নৱপ্ৰজন্মৰ মাজলৈ নিয়াৰ প্ৰচেষ্টাক শলাগ লৈ শংকৰদেৱ বিশ্ববিদ্যালয়ে পাৰ্যমানে সহযোগ কৰিব" বুলি ভাষন প্ৰসংগত উল্লেখ কৰে। ডা০ জয়াশ্ৰী পাঠক আৰু কৃষ্ণ কৃংকৰ নাথে আঁত ধৰা অনুষ্ঠানটিৰ আদৰনি ভাষন প্ৰদান কৰে গৱেষণা প্ৰতিষ্ঠানৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাই।

শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ কাৰ্যকৰী সভাপতি ড০ বিমান হাজৰিকা, উপসভাপতি অতুল মহন্ত, দিলীপ গোস্বামী, সহকাৰী সম্পাদক তুৱাৰাম বৰুৱা, গিৰিশ বৰুৱা, সদস্য মহেন্দ্ৰ বৰুৱা, সবিতা বৰা, জীতেন বৰদলৈ, সুৰুজ হাজৰিকা, মোহন বৰুৱা, শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ শৰৎ হাজৰিকা, বটদ্ৰৱা শলগুৰি সত্ৰৰ, ডেকা সত্ৰাধিকাৰ ইন্দ্ৰকান্ত মহন্ত, আহতগুৰি নুমলী সত্ৰৰ , সত্ৰাধিকাৰ পৰমানন্দ দেৱ গোস্বামী,  কৰচোং সত্ৰৰ, ডেকা সত্ৰাধিকাৰ উৎপল গোস্বামীকে আদি কৰি ভকত বৈষ্ণৱ, নগাঁও জিলাৰ কেইবাখনো মহাবিদ্যালয়, বিদ্যালয়ৰ অধ্যক্ষ, স্থানীয় ৰাইজ সহ সহস্ৰাধিক লোক উপস্থিত থকা অনুষ্ঠানটিৰ শেষত শলাগৰ শৰাই আগবঢ়াই গৱেষণা কেন্দ্ৰৰ উপসভাপতি ড০ ত্ৰিদিপ গোস্বামীয়ে। (ফটো পঠিওৱা হৈছে)

গুৱাহাটী বিশ্ববিদ্যালয়