Advertisment

ৰাসলীলাঃ বটদ্ৰৱাৰ আকাশে-বতাহে খোল-তালৰ মধুৰ ধ্বনি...

অসমঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ সমীপৱৰ্তী গাওঁসমূহত শুক্ৰবাৰে নিশা খোল-তালৰ মধুৰ ধ্বনিৰ মাজত "আহা সখী আহা বাই, বৃন্দাবনে যাওঁ" গীতেৰে শৰতৰ পূৰ্ণিমাত...

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱা

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ সমীপৱৰ্তী গাওঁসমূহত শুক্ৰবাৰে নিশা খোল-তালৰ মধুৰ ধ্বনিৰ মাজত "আহা সখী আহা বাই, বৃন্দাবনে যাওঁ" গীতেৰে শৰতৰ পূৰ্ণিমাত শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা উদ্‌যাপন হয়। বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত কুৰুৱাবাহী সত্ৰত পূৱ হাতীচোং আঞ্চলিক সাৰ্বজনীন ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত শুকুৰবাৰে নিশা অনুষ্ঠিত হয় কেলিগোপাল নাট। সন্ধ্যা নাটক প্ৰতিষ্ঠা কৰি গায়ন বায়নে পূৰ্বৰংগ আৰম্ভ কৰে।

Advertisment

নিশা ৯ বজাত শিল্পী মনোৰঞ্জন গোস্বামী, দিব্যজ্যোতি বৰুৱাৰ পৰিচালনাৰে দিপাংক গিৰি দেৱ গোস্বামীৰ সংগীত পৰিচালনা, তৃতীষা ভৰালী, অৰূপ কুমাৰ বৰদলৈৰ নৃত্য নিৰ্দেশনাত মঞ্চস্থ হোৱা কেলিগোপাল নাটকখনিত অঞ্চলটোৰ শিশু, কিশোৰী, যুৱতী, বোৱাৰী সহ শতাধিক কলাকুশলীয়ে অভিনয় কৰে। শতবৰ্ষ গৰকা ৰাস খনিত অঞ্চলটোৰ শিশু, কিশোৰী, যুৱতী, বোৱাৰী সকলোৱে মিলি কৰা অভিনয়ৰে ভগৱান শ্ৰীকৃষ্ণৰ ভক্তিৰসৰ মধুৰ সমন্বয়েই ৰাসলীলাত বুৰ যায় হাজাৰ হাজাৰ দৰ্শক।

একেদৰে নমাটি গাঁৱত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হো শৰৎ উৎসৱ ৰাসৰ আজি প্ৰথম দিনা শ্ৰীকৃষ্ণৰ ৰাসলীলা পৰিবেশন কৰে গাঁৱৰ যুৱক বৃন্দই। ইফালে বটদ্ৰৱা আঞ্চলিক ৰাস উৎসৱ উদযাপন সমিতিৰ উদ্যোগত শান্তিজান বজাৰত, জাজৰি, পাঘালী, জাজৰি শিমলুতলত, হাতীচোং কুজিদাহত, চকলাঘাটত, ৰাইদঙীয়া, ভোমোৰাগুৰি, বৰছিলা, নসত্ৰ, কৰচোং সত্ৰ ধৰি বটদ্ৰৱা সমীপবৰ্তী প্ৰায় ৫০ ৰো অধিক স্থানত শৰৎ উৎসৱটি উলহ মালহেৰে অনুষ্ঠিত হয়।

বটদ্ৰৱা