বটদ্ৰৱা চিত্ৰকলা বিদ্যালয়ৰ উদ্যোগত ব'হাগী উৎসৱ উদযাপন...

নগাঁও জিলাৰ বটদ্ৰৱা চিত্ৰকলা বিদ্যালয়ৰ উদ্যোগত ব'হাগী উৎসৱ অনুষ্ঠিত হয়। বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চোতালৰ প্ৰাকৃতিক পৰিবেশত অনুষ্ঠিত অনুষ্ঠানটিৰ আঁত ধৰে চিত্ৰকলা বিদ্যালয়ৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি শৰ্মা বৰুৱাই।

author-image
Asomiya Pratidin
New Update
bta

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ  নগাঁও জিলাৰ বটদ্ৰৱা চিত্ৰকলা বিদ্যালয়ৰ উদ্যোগত ব'হাগী উৎসৱ অনুষ্ঠিত হয়। বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চোতালৰ প্ৰাকৃতিক পৰিবেশত অনুষ্ঠিত অনুষ্ঠানটিৰ আঁত ধৰে চিত্ৰকলা বিদ্যালয়ৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি শৰ্মা বৰুৱাই।

Advertisment

চিত্ৰকলা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মোহন বৰুৱাই আদৰনি ভাষন প্ৰদান কৰা অনুষ্ঠানটিত বিশিষ্ট ঢোল বাদক লক্ষেশ্বৰ বৰা, কৌস্তুভ জ্যোতি বৰুৱা, চিন্ময় দেৱ গোস্বামী, চিন্ময় শৰ্মা, দৰ্শনা বৰা আদি কৰি কেইবাগৰাকীয়ে বিহুনৃত্য, বাঁহী বাদন, বিহুগীত আদি অনুষ্ঠান পৰিবেশন কৰে।

চিত্ৰকলা বিদ্যালয়ৰ মুখ্য উপদেষ্টা ইন্দ্ৰমোহন বৰুৱা,  বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দিপাংক গিৰি দেৱ গোস্বামীয়ে ভাষন প্ৰদান কৰা অনুষ্ঠানটিত উপদেষ্টা তুৱাৰাম বৰুৱা, সাংবাদিক দিব্যজ্যোতি বৰুৱা, চিত্ৰ ৰঞ্জন নাথ, জীতেন বৰদলৈ, পংকজ কলিতাৰ লগতে  অভিভাৱক-অভিভাবিকা, ছাত্ৰ-ছাত্ৰী, অতিথি সহ পাঁচ শতাধিক লোক উপস্থিত থাকে।

বহাগ বিহু