বটদ্ৰৱাৰ ন-সত্ৰত কুৰুক্ষেত্ৰ যুদ্ধ ভাওনা…VIDEO

বটদ্ৰৱাৰ ন-সত্ৰত কুৰুক্ষেত্ৰ যুদ্ধ ভাওনা…VIDEO

author-image
asomiyapratidin
New Update
বটদ্ৰৱাৰ ন-সত্ৰত কুৰুক্ষেত্ৰ যুদ্ধ ভাওনা…VIDEO

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ পোন প্ৰথম বাৰৰ বাবে বটদ্ৰৱাৰ মুকলি ন-সত্ৰত মহিলা সকলে শনিবাৰে এক আধ্যাত্মিক পৰিবেশৰ সূচনা কৰি পৰিবেশন কৰিলে 'কুৰুক্ষেত্ৰ যুদ্ধ' ভাওনা।

Advertisment

নিশা দুপৰলৈ অনুষ্ঠিত এই ভাওনা উপভোগ কৰি সহস্ৰাধিক ৰাইজ মুগ্ধ হৈ পৰে। ভাওনা উপলক্ষে শনিবাৰে পুৱা আইসকলৰ নাম, খোল প্রসংগ, দুপৰীয়া নাম প্রসংগৰ পাচতে নিশা ৭ বজাত ভাওনাৰ পূৰ্বৰংগ আৰম্ভ হয়।

ইয়াৰ পাছতে শিক্ষক জিতুমণি বৰাই আঁত ধৰা ভাওনাৰ উদ্ধোধনী অনুষ্ঠানত আইভেটি গাওঁ পঞ্চায়ৰ সভাপতি দেহিৰাম বৰা এটি ঘোষাৰে ভাওনাৰ উদ্ধোধন কৰে।

অনুষ্ঠানটিত বিশিষ্ট সমাজকৰ্মী দিলীপ কুমাৰ বৰা, নিৰদা বৰা, ৰীনা বৰা, চেনী মাই কলিতা, হেম বৰুৱা, দিপালী বৰাকে প্ৰমুখ্য কৰি সহস্ৰাধিক লোক উপস্থিত আছিল। পাছত বাপধন মহন্ত, নবীন মেধি, প্ৰসন্ন শইকীয়া, উমা ডেকাৰ পৰিচালনাত ন-সত্ৰ বাসী আইমাতৃ সকলক অভিনয়ৰে কুৰুক্ষেত্ৰ যুদ্ধ ভাওনাত উপস্থিত ৰাইজ মুগ্ধ হৈ পৰে।