বটদ্ৰৱাত ২৮সংখ্যক মাৱাটেকা চিটৰিঅ কাৰাটে প্ৰশিক্ষণ শিবিৰ...

বটদ্ৰৱাত ২৮সংখ্যক মাৱাটেকা চিটৰিঅ কাৰাটে প্ৰশিক্ষণ শিবিৰ...

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাত ২৮সংখ্যক মাৱাটেকা চিটৰিঅ কাৰাটে প্ৰশিক্ষণ শিবিৰ...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱাত দুদিনীয়া কাৰ্য্যসূচীৰে মাৱাটেকা চিটৰিঅ কাৰাটে ড প্ৰশিক্ষন শিবিৰ আৰম্ভ হৈছে। ২৮ সংখ্যক এই প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণ প্ৰদান কৰিবলৈ বটদ্ৰৱাত উপস্থিত হৈছে বিশ্ব কাৰাটে ফেডাৰেশ্যন তথা এছিয়া কাৰাটে ফেডাৰেশ্যনৰ বিচাৰক, সৰ্ব ভাৰতীয় মাৱাটেকা চিটৰিঅ কাৰাটে ড' এছচিয়েছনৰ সভাপতি হাঞ্চি জে এছ কালাইমানি।

Advertisment

বটদ্ৰৱা সতী ৰাধিকা স্মৃতি ক্ষেত্ৰত ১৩ আৰু ১৪ জুলাই দুদিনীয়াকৈ অনুষ্ঠিত প্রশিক্ষণ শিবিৰত নগাঁও, মৰিগাঁও আৰু কাৰ্বি আংলং জিলাৰ খেলুৱৈ সকলে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। খেলুৱৈ সকলে আগন্তুক দিনত ৰাষ্ট্ৰীয় আৰু বিশ্ব চেম্পিয়নশ্বিপত অংশ গ্ৰহণ কৰিবলৈ এই এডভান্স প্ৰশিক্ষণ গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, চেনচেই ৰিকু কটকীৰ তত্বাৱধায়ক নগাঁও, মৰিগাঁও আৰু কাৰ্বি আংলং জিলাৰ শ শ কণকণ শিশু আৰু কিশোৰ কিশোৰীয়ে মাৱাটেকা চিতৰিয় কাৰাটে ড প্ৰশিক্ষন লৈ গ্ৰাম্যাঞ্চলত সমৰ কলাৰ সুন্দৰ পৰিবেশ গঢি তুলিছে।

চেনচেই ৰিকু কটকীৰ লগতে কিয়চি(kyoshi) চম্পক ডেকা, জীতেন চৌধুৰীয়েও প্ৰশিক্ষণ প্ৰদান কৰা এই এডভান্স প্ৰশিক্ষণ শিবিৰত নগাঁও জিলা কাৰাটে ড এছচিয়েছন সভাপতি দিগন্ত দত্ত, উপসভাপতি মৃনাল কুমাৰ বৰা, সম্পাদক তিলক শৰ্মাকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।

বটদ্ৰৱা