Advertisment

বটদ্ৰৱাৰ জাতীয় বিদ্যালয় আৰু শংকৰদেৱ শিশু নিকেতনত শিশু দিৱস উদযাপন...

পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে প্ৰত্যক বছৰৰ ১৪ নৱেম্বৰৰ দিনটো সমগ্ৰ দেশত শিশু দিৱস হিচাপে উদযাপন কৰা হয় । এই উপলক্ষে আজি বটদ্ৰৱাৰ ভিন্ন স্থানত শিশু দিৱসৰ লগত সংগতি ৰাখি শিশুসকল লৈ অনুষ্ঠিত হৈছে বিভিন্ন কাৰ্যসূচী

author-image
Asomiya Pratidin
New Update
এই উপলক্ষে আজি বটদ্ৰৱাৰ ভিন্ন

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ  পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে প্ৰত্যক বছৰৰ ১৪ নৱেম্বৰৰ দিনটো সমগ্ৰ দেশত শিশু দিৱস হিচাপে উদযাপন কৰা হয় । এই উপলক্ষে আজি বটদ্ৰৱাৰ ভিন্ন স্থানত শিশু দিৱসৰ লগত সংগতি ৰাখি শিশুসকল লৈ অনুষ্ঠিত হৈছে বিভিন্ন কাৰ্যসূচী।

Advertisment

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাৰ জাতীয় বিদ্যালয়, বটদ্ৰৱা আৰু বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতনতো দিনজোৰা কাৰ্যসূচীৰে শিশু দিৱস উদযাপন কৰা হয়। জাতীয় বিদ্যালয়, বটদ্ৰৱাত  পুৱা বন্তি প্ৰজ্বলনৰ পিছতে অভিভাৱক, পৰিচালনা সমিতি সমন্বিতে ছাত্ৰ-ছাত্ৰীসকলে এখনি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰে৷

অনুষ্ঠানত ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা গীত মাত নৃত্য, কবিতা আবৃত্তিৰ মনোমোহা অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত অংশ গ্ৰহণ কৰি জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সভাপতি সুনীল বৰা ই "ছাত্ৰ-ছাত্ৰীসকলৰ  প্ৰদৰ্শনত অভিভূত হৈ পৰা বুলি মন্তব্য কৰাৰ সমান্তৰালকৈ বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ পূৰ্বৰ তুলনাত উন্নত হোৱাৰ বিষয়েও উল্লেখ কৰে।

আন এগৰাকী অতিথি ধনীয়াভেটি হাইস্কুলৰ অধ্যক্ষ ৰফিকুল ইছলামে "অঞ্চলৰ বাবে শৈক্ষিক আৰু সাংস্কৃতিক সকলো দিশতে জাতীয় বিদ্যালয়, বটদ্ৰৱাৰ ভূমিকা সুন্দৰ" বুলি ভাষন প্ৰদান কৰে। জাতীয় বিদ্যালয়, বটদ্ৰৱাৰ অধ্যক্ষ দিলীপ চন্দ্ৰ বৰাই আঁত ধৰা অনুষ্ঠানটি বিদ্যালয়ৰ বাৰ্ষিক শৈক্ষিক বঁটা প্ৰদান কৰা হয়।

অনুষ্ঠানটিত উপাধ্যক্ষ গিৰিশ বৰুৱা, সচিব প্ৰসন্ন কুমাৰ শইকীয়া কে আদি কৰি পাঁচ শতাধিক লোক উপস্থিত থাকে। ইফালে বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতনটো দিনযোৰা কাৰ্যসূচীৰে শিশু দিৱস উদযাপন কৰা হয়। ছাত্ৰ ছাত্ৰীৰ মাজত কবিতা আবৃত্তি, কুইজ, চিত্ৰাংকন প্ৰতিযোগিতাৰ অন্তত প্ৰধান আচাৰ্য সোনামনি কলিতাই আঁত ধৰা অনুষ্ঠানত বঁটা প্ৰদান কৰা হয়।

বটদ্ৰৱা