/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/2c399d7e-c0e6-4588-b362-a7ea64d5aa7a/bas.jpg)
ডিজিটেল ডেস্ক: বৰপেটাত শোকৰ লহৰ উঠিছে।কিয়নো বৰপেটা সত্ৰৰ বুঢ়াসত্ৰাধিকাৰ বশিষ্ঠ দেৱ শৰ্মাক অন্তিম বিদায় দিবৰ বাবে ৰাইজ ওলাই আহিছে। লোকে লোকাৰণ্য হৈ পৰিছে বৰপেটা।
বুঢ়াসত্ৰাধিকাৰ গৰাকীক অশ্ৰুসিক্ত নয়নেৰে নাম প্ৰসংগ, খোল বায়নেৰে বিদায় দিয়া হৈছে। শেষ দৰ্শনৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বৰপেটালৈ ঢাপলি মেলিছে অগনন লোক। শোকস্তব্ধ বৰপেটা সত্ৰত মানুহৰ ভিৰ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাজ্যিক মৰ্যদাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় বুঢ়া সত্ৰাধিকাৰ গৰাকীক। লগতে শেষকৃত্য অনুষ্ঠানতো উপস্থিত থাকিব মুখ্যমন্ত্ৰী শৰ্মা। তেওঁৰ শেষকৃত্যৰ বাবে চন্দন কাঠ দান কৰিছে ফৰহাত আলীয়ে। ৰাজ্যিক মৰ্যদাৰে তেওঁক জনোৱা হ'ব শেষ বিদায়। ইতিমধ্যে তেওঁৰ নশ্বৰ দেহ লৈ আৰম্ভ হৈছে শোক সমদল।
মুখ্যমন্ত্ৰীৰ উপৰিও বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, কংগ্ৰেছৰ সভাপতি ভূপেন শইকীয়া, সাংসদ আব্দুল খালেক, মন্ত্ৰী কেশৱ মহন্ত আদিয়েও বৰপেটালৈ গৈ তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us