ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ যোৱা জুলাই মাহৰ ৩০ তাৰিখে নিপুণ অসম (এফ এল এন) ৰ আদৰ্শ শিক্ষাখণ্ড হিচাপে ঘোষনা কৰা মাৰ্ঘেৰিটা শিক্ষাখণ্ডৰ অন্তৰ্গত চেগুনবাৰী, মাকুমপথাৰ, কুমাৰপট্টী, পাৱৈমুখ মণ্ডলৰ শিক্ষাগুৰুসকলক লৈ বৃহস্পতিবাৰে মাৰ্ঘেৰিটা পাব্লিক হায়াৰ চেকেণ্ডেৰী স্কুলত এখনি মাৰ্ঘেৰিটা শিক্ষাখণ্ডৰ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা মিছনৰ মণ্ডল পৰ্য্যায়ৰ অভিৰুচন কাৰ্য্যসূচী মাৰ্ঘেৰিটাত সম্পন্ন।
এই উপলক্ষে অনুষ্ঠিত সভাত উপস্থিত থাকে এফ এল এন'ৰ জিলা পৰামৰ্শদাতা সূৰুজ কুমাৰ ভূঞা, মাৰ্ঘেৰিটা শিক্ষাখণ্ডৰ খণ্ডৰ সমল ব্যক্তি চিন্তু বৰুৱা আৰু লাটুমণি গগৈ, মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সহকাৰী সম্পাদকৰ মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা পাব্লিক হায়াৰ চেকেণ্ডেৰী স্কুলৰ জ্যেষ্ঠ শিক্ষক লক্ষ্যধৰ সোনোৱাল আৰু চাৰিওটা মণ্ডলৰ মণ্ডল সমন্বয়ক ক্ৰমে ৰঞ্জু তামাং বৰুৱা, চানিয়া বৰুৱা, জাহ্নৱী কোঁৱৰ বৰা আৰু দীপক বিশ্বাস।
খণ্ড সমল ব্যক্তি চিন্তু বৰুৱাদেৱে আঁতধৰা সভাখনত প্ৰথমে শিক্ষকসকলৰ লগত বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ জিলা পৰামৰ্শদাতা ভূঞা দেৱৰ মত বিনিময়ৰে আৰম্ভ হয়। তেখতলোকে কিদৰে এফ এল এন ৰ সফল সম্পাদন কৰিবৰ বাবে কেনেধৰণৰ পদক্ষেপ লৈছে আৰু এফ এল এন'ৰ যি সমূহ শিকণ সামগ্ৰী চৰকাৰৰ ফালৰ পৰা গ্ৰহণ কৰিছে সেইবোৰৰ ব্যৱহাৰ কেনেদৰে কৰিছে তাৰ বিষয়ে আলোচনা কৰা হয়। ইয়াৰ উপৰিও শিক্ষক শিক্ষয়িত্ৰীসকলে নিজৰ অভিনৱতাৰে কেনেদৰে কণ কণ ছাত্ৰ ছাত্ৰীসকলক পাঠদান আগবঢ়াই তাৰো উদাহৰণ দাঙি ধৰে শিক্ষয়িত্ৰী প্ৰণিতা বৰগোহাঁইকে আদি কৰি কেইবাজনো শিক্ষক শিক্ষয়িত্ৰীয়ে।
ইয়াৰ পিছতে ভূঞা দেৱে মাৰ্ঘেৰিটা শিক্ষা খণ্ডৰ প্ৰতিজন শিক্ষাগুৰুকে বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাক সফল ভাৱে ৰূপায়ন কৰি মাৰ্ঘেৰিটা শিক্ষাখণ্ডৰ কণ কণ শিশুসকলক নিপুণ কৰি গঢ়ি তুলি উজনি অসমৰ আন শিক্ষাখণ্ড সমূহৰ বাবে আদৰ্শ হোৱাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে পৰামৰ্শ আগবঢ়ায়। ইয়াৰ লগতে তেওঁ পাঠদানৰ দ্বাৰা তথ্য সমৃদ্ধ শ্ৰেণীকোঠাৰ লগত ছাত্ৰ - ছাত্ৰীসকলৰ সংযোগ গঢ়ি তুলিবৰ বাবেও পৰামৰ্শ আগবঢ়ায়।
ইয়াৰ লগতে খণ্ড সমল ব্যক্তি চিন্তু বৰুৱা আৰু লাটুমণি গগৈয়ে বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ আদৰ্শ খণ্ড হিচাপে পৰিগণিত হোৱাটো মাৰ্ঘেৰিটা শিক্ষাখণ্ডৰ প্ৰতিজন শিক্ষাগুৰু আৰু ছাত্ৰ ছাত্ৰীৰ বাবে অনুপ্ৰেৰণা হিচাপে লৈ আগবাঢ়ি যাবৰ বাবে পৰামৰ্শ আগবঢ়ায়। ইয়াৰ লগতে আগন্তুক গুণোৎসৱৰ বাবে জিলাখনত চলি থকা কাৰ্যসূচী সমূহ সফল ভাৱে কৰি থকাৰ বাবে প্ৰতিজন শিক্ষাগুৰুক ধন্যবাদ জনায়।
শেষত সাংবাদিক মানস প্ৰতিম গগৈয়ে মাৰ্ঘেৰিটা শিক্ষাখণ্ডৰ লগত জড়িত প্ৰতিজনকে অভিনন্দন জ্ঞাপন কৰে আৰু ভৱিষ্যতৰ যিকোনো ধৰণৰ পদক্ষেপত সাংবাদিক সন্থাই সহযোগিতা আগবঢ়াই যাব বুলি জানিবলৈ দিয়ে।