সম্পূৰ্ণ দোষমুক্ত হ'ল বৰ্ষাশ্ৰী...

আজি সম্পূৰ্ণৰূপে দোষমুক্ত হ'ল নাং বৰ্ষাশ্ৰী শদিয়াখোৱা বুঢ়াগোহাঁই। গোলাঘাট সত্ৰ ন্যায়ালয়ে দিলে এই ৰায়। সম্পূৰ্ণ ৭ মাহৰ অন্তত দোষমুক্ত হ’ল বৰ্ষাশ্ৰী
সম্পূৰ্ণ দোষমুক্ত হ'ল বৰ্ষাশ্ৰী...

ডিজিটেল ডেস্ক: বিগত বৰ্ষত চৰ্চাৰ শীৰ্ষত থকা এটা বিষয় হ’ল নাং বৰ্ষাশ্ৰী শদিয়াখোৱা বুঢ়াগোহাঁই। অৱশেষত আজি সম্পূৰ্ণৰূপে দোষমুক্ত হ'ল নাং বৰ্ষাশ্ৰী শদিয়াখোৱা বুঢ়াগোহাঁই। গোলাঘাট সত্ৰ ন্যায়ালয়ে দিলে এই ৰায়। সম্পূৰ্ণ  ১১ মাহৰ অন্তত দোষমুক্ত হ’ল বৰ্ষাশ্ৰী।

উল্লেখ্য যে, ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত বিগত বৰ্ষত ২ মাহ কৈ কাৰাবাস খাতিব লগীয়া হৈছিল নাং বৰ্ষাশ্ৰী শদিয়াখোৱা বুঢ়াগোহাঁইয়ে। এটি কবিতাক ভিত্তি কৰি গোলাঘাটৰ সৰুপথাৰ আৰক্ষীয়ে ১৮ মে'ত আটক কৰিছিল বৰ্ষাশ্ৰীক। আৰু আটকৰ পিছতে গোলাঘাটৰ জে'ললৈ প্ৰেৰণ কৰা হৈছিল বৰ্ষশ্ৰীক। বিগত বৰ্ষৰ মে’ মাহত সৰুপথাৰৰ পৰা আটক কৰা বৰ্ষাশ্ৰীৰ জামিনৰ বাবে মাত মাতিছিল ৰাজ্যৰ সচেতন মহলে। আৰু তাৰ পিছতেই ২ মাহৰ অন্তত জামিন লাভ কৰিছিল বৰ্ষাশ্ৰীয়ে।

এক প্ৰকাৰে অন্যায়ৰ বলি হোৱা বৰ্ষাশ্ৰীৰ জামিনৰ পূৰ্বেই সান্মাষিকৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ হেতুকে পৰীক্ষাৰ দুটা বিষয় কাৰাগাৰৰ পৰাই দিছিল। ইয়াৰ পিছতে জামিন লাভ কৰাত বাকী সমূহ পৰীক্ষা নিজ পৰীক্ষা কেন্দ্ৰতেই দিছিল বৰ্ষাশ্ৰীয়ে।

পৰীক্ষা শেষ হোৱাৰ লগে লগে এক প্ৰকাৰে চৰ্চাৰ ধামখুমীয়াৰ পৰা নাইকীয়া হৈছিল বৰ্ষাশ্ৰীৰ নাম। আৰু এই বৰ্ষাশ্ৰী শদিয়াখোৱা বুঢ়াগোহাঁইক আজি গোলাঘাট সত্ৰ ন্যায়ালয়ে সম্পূৰ্ণ দোষমুক্ত বুলি ঘোষণা কৰে। প্ৰায় ১১ মাহৰ অন্তত আজি ন্যায় পালে নাং বৰ্ষাশ্ৰী শদিয়াখোৱা বুঢ়াগোহাঁয়ে।

সম্পূৰ্ণ দোষমুক্ত হ'ল বৰ্ষাশ্ৰী...
কি এই H3N2 ? এইদৰে নিজকে ৰক্ষা কৰক সংক্ৰমণৰ পৰা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in