টিহু-ডুমনী সংযোগী পথ উন্নীতকৰণৰ কামৰ শুভাৰম্ভ

টিহু-ডুমনী সংযোগী পথ উন্নীতকৰণৰ কামৰ শুভাৰম্ভ
Published on
Updated on

ডিজিটেল সংবাদ, পাটাছাৰকুছি : পূৱ বজালীৰ লগতে দক্ষিণ বাক্সা অঞ্চলৰ ৰাইজে দীৰ্ঘদিন ধৰি যাতায়াতৰ ক্ষেত্ৰত ভুগি অহা দুৰ্ভোগৰ অৱসান ঘটাই টিহু ডুমুনী পথৰ মধ্য অংশৰ বামুণপাৰাৰ পৰা বেবেজীয়াপাৰালৈ জৰাজীৰ্ণ অৱস্থাত থকা ২.৮৫০ কিলোমিটাৰ পথ উন্নীতকৰণৰ কামৰ শুভাৰম্ভ কৰা হ'ল। বুধবাৰে স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে এই কামৰ শুভাৰম্ভণি কৰে ৷

বামুণপাৰাত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ উন্নত পকী পথ নিৰ্মাণ আঁচনিৰ জৰিয়তে ৩ কোটি ৪২ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলৈ লোৱা পথটোৰ কামৰ শুভাৰম্ভ কৰি মন্ত্ৰী দাসে কয় যে ১৯৪২চনৰ আজিৰ এইদিনটোতে ভাৰতৰ স্বাধীনতা ৰক্ষাৰ বাবে বজালীৰ দুই বীৰ মদন বৰ্মন আৰু ৰাউতাৰাম কোঁচে প্ৰাণ আহুতি দিছিল ৷ এনে এক পৱিত্ৰ দিনত তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এক শুভ কামৰ শুভাৰম্ভ কৰিবলৈ পাই নিজকে বৰ সুখী অনুভৱ কৰিছোঁ।

এই পথছোৱাৰ উন্নীতকৰণে ৰাইজে দীৰ্ঘদিনৰ সমস্যাৰ সমাধান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷ বামুণপাৰা গাঁৱৰ গাঁও প্ৰধান নিতুল কলিতা আৰু পুলক মেধিয়ে আঁত ধৰা এই অনুষ্ঠানত বজালী জিলা পৰিষদৰ প্ৰাক্তন অধ্যক্ষ ৰণজিৎ শালৈ, বিজেপি নেতা কমল কুমাৰ মেধি, লোক নিৰ্মাণ (পথ) বিভাগৰ কাৰ্যবাহী অভিযন্তা মনিৰুল ইছলামকে ধৰি অঞ্চলটোৰ কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

টিহু-ডুমনী সংযোগী পথ উন্নীতকৰণৰ কামৰ শুভাৰম্ভ
কথমপি প্ৰাণ বাচিল যাত্ৰীৰ! পুৰস্কাৰৰ লোভত ৰেল কৰ্মচাৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in