Advertisment

বৰপেটাত জাবৰ নিষ্কাশনৰ নামত বহুৱালিঃ পৰিবেশলৈ আহিছে ভয়ংকৰ সংকট !

ৰাজ্যৰ গৃহ আৰু নগৰ উন্নয়ন বিভাগে ৰাজ্যখনৰ বিভিন্ন পৌৰসভা এলেকাত বহুদিনৰ পৰা পৰি থকা জাবৰ নিষ্কাশনৰ বাবে গ্ৰহণ কৰিছিল এক বিশেষ সময়োপযোগী পদক্ষেপ।

author-image
Asomiya Pratidin
New Update
বৰপেটাত জাৱৰ নিষ্কাশনৰ নামত বহুৱালিঃ পৰিবেশলৈ আহিছে ভয়ংকৰ সংকট !

ডিজিটেল সংবাদ বৰপেটাঃ ৰাজ্যৰ গৃহ আৰু নগৰ উন্নয়ন বিভাগে ৰাজ্যখনৰ বিভিন্ন পৌৰসভা এলেকাত বহুদিনৰ পৰা পৰি থকা জাবৰ নিষ্কাশনৰ বাবে গ্ৰহণ কৰিছিল এক বিশেষ সময়োপযোগী পদক্ষেপ। পৌৰ সভা এলেকাত বহুদিন থুপ খাই থকা তথা জনজীৱনৰ বাবে ক্ষতিকাৰক প্ৰায় ৮ লাখ মেট্ৰিক টন জাবৰ নিষ্কাশনৰ বাবে অশোক সিংঘালৰ গৃহ আৰু নগৰ উন্নয়ন বিভাগে গ্ৰহণ কৰিছিল ৬৫ কোটি টকাৰ এক বিশেষ প্ৰজেক্ট । 

Advertisment

বিভাগীয় নীতি অনুসৰি নিবিদাৰ জৰিয়তে CALL & FIX আৰু DAYACHARAN & COMPANY নামৰ সংস্থা দুটাক প্ৰদান কৰা হৈছিল জাবৰ নিষ্কাশনৰ দায়িত্ব। উল্লেখ্য যে, গৃহ আৰু নগৰ উন্নয়ন বিভাগে এই প্ৰজেক্টৰ বাবে ৰাজ্যৰ ৩৯ খন পৌৰ সভাক লৈ মুঠ ৯টা ক্লাষ্টাৰত পৌৰ সভা সমূহক ভাগ কৰিছিল।

সেইমতে, বিভিন্ন স্থানৰ পৰা জাবৰসমূহ প্ৰী প্ৰচেচিং কৰি নিৰ্দিষ্ট ক্লাষ্টাৰ পইন্টলৈ লৈ গৈ জাবৰসমূহ নিষ্কাশনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল  সেইমতে বৰপেটা পৌৰসভা এলেকাত জমা হৈ থকা জাবৰসমূহ বঙাইগাঁও ক্লাষ্টাৰ পইন্টলৈ নি তাত নিষ্কাশন কৰিব লাগিছিল।

কিন্তু পৰিত্যক্ত জাবৰসমূহ বঙাইগাঁৱলৈ লৈ যোৱাতো বাদেই পৰি থকা জাবৰৰ ওপৰতে 'ট্ৰমেল মেচিন' বহুৱাই জাবৰ নিষ্কাশনৰ নামত বহুৱালি কৰাত লিপ্ত হৈছে CALL & FIX আৰু DAYACHARAN & COMPANY নামৰ সংস্থা দুটা। 

ৰাজ্য চৰকাৰে একমাত্ৰ পাৰিপাৰ্শ্বিকতাৰ প্ৰতি লক্ষ্য ৰাখিয়েই বহুদিনৰ পৰা পৰি থকা জাবৰসমূহ নিৰ্দিষ্ট স্থানলৈ গাড়ীৰে কঢ়িয়াই বিজ্ঞান সন্মত পদ্ধতিৰে নিষ্কাশনৰ নীতি নিৰ্দেশনা প্ৰস্তুত কৰা হৈছিল। যিহেতু দূৰ-দূৰণিৰ পৰা জাবৰ পৰিবহন কৰিব লাগিব সেয়ে পৰিবহন ব্যয় অনুসৰি অধিক ধন আবন্টন দিবলৈ চৰকাৰ বাধ্য হৈছিল।

কিন্তু পৰিবহন ব্যয়ৰ নামত আৱন্টিত সমুদায় ধন আত্মসাৎ কৰা আৰু অধিক মুনাফা আদায়ৰ লক্ষৰে জাবৰ সমূহ নিৰ্দিষ্ট ক্লাষ্টাৰ পইন্টলৈ লৈ যোৱাৰ পৰিৱৰ্তে এইদৰে নদীৰ পাৰতে মুকলিকৈ জাবৰ নিষ্কাশনৰ নামত চলাই আছে চৰম বহুৱালি। 

জাবৰ নিষ্কাশনৰ ব্যৱস্থা অনুসৰি প্ৰথমতে বিজ্ঞানসন্মত পদ্ধতিৰে জাবৰসমূহ প্ৰচেচিং কৰিব লাগে।প্ৰচেচিং কৰাৰ আগতে ইয়াৰ প্ৰী-ষ্টেবিলাইজেছনৰো প্ৰয়োজন। ইয়াৰ বাবে নিৰ্দিষ্ট ধৰা-বন্ধা নীতি নিৰ্দেশনাও প্ৰদান কৰা হৈছে।

বিশেষকৈ জাবৰ নিষ্কাশনৰ যি বায়' মাইনিং ব্যৱস্থা সেইসমূহ দিশ চোৱা চিতা কৰাৰ ক্ষেত্রত CPCB চেণ্ট্ৰেল পলিউলচ কন্ট্রোল ব'ৰ্ড, স্বচ্ছ ভাৰত মিচন, ছ'লিড ৱেষ্ট মেনেজমেন্ট আদি সংস্থা বা বিভাগসমূহে জাৰি কৰা নীতি নিৰ্দেশনা মানি চলাতো প্ৰয়োজনীয়।নিয়ম অনুসৰি জাবৰ সমূহ নিষ্কাশনৰ পূৰ্বে  প্ৰী-ষ্টেবিলাইজড কৰাৰ প্ৰয়োজন যদিও ইয়াত প্ৰী-ষ্টেবিলাইজড কৰা হোৱা নাই।

তাতকৈ ভয়ংকৰ কথা হ'ল জাবৰসমূহত জুই জ্বলাই ভয়াবহভাৱে পৰিবেশ প্ৰদূষিত কৰি তুলিছে। পুৰনি জাবৰ বহুদিন পৰি থাকিলে তাৰপৰা মিথেনৰ দৰে যিবিলাক বিষাক্ত গেছ নিৰ্গমন হয় সেইখিনি বায়'কালচাৰ আৰু ডি অডোৰাইজাৰ প্ৰয়োগ কৰি প্ৰায় তিনি সপ্তাহ সঠিকমতে Windrows আৰু Cone formation কৰি নিষ্কাশনৰ বাবে উপযোগী কৰি লোৱাটো বাধ্যতামূলক।  

কিন্তু CALL & FIXE নামৰ কোম্পানীটোৱে ইয়াৰ কোনো নীতি নিৰ্দেশনা পালন কৰা নাই। সকলো নীতি নিৰ্দেশনা ভৰিৰে মোহাৰি জাবৰ নিষ্কাশনৰ নামত বহুৱালি চলাই গৈছে অশোক সিংঘালৰ আশীৰ্বাদ পুষ্ট CALL & FIXE নামৰ কোম্পানীটোৱে। 

ইপিনে জাবৰ নিষ্কাশনৰ বাবে পৰ্যাপ্ত মেচিনেৰীৰ প্ৰয়োজন যদিও বৰপেটাত কোনো নিৰ্দেশনা পালন কৰা হোৱা নাই। মাথো এটা ট্ৰমেল মেচিনেৰে জাবৰ নিষ্কাশনৰ নামত চৰকাৰী ধনৰ শৰাধ কৰাৰ লগতে ভয়ংকৰভাৱে পৰিৱেশ প্ৰদূষণতহে ইন্ধন যোগাইছে । 

আন এটা লক্ষণীয় কথা হ'ল জাবৰ সমূহৰ পৰা বায়' মাইনিং প্ৰচেচিঙৰ পিচত ওলোৱা বায়' প্ৰডাক্ট যেনে প্লাষ্টিক, বালি, মাটি আদিৰ টেষ্টিং হ'ব লাগে আৰু তাৰপিচতহে উপযুক্ত স্থানত ইয়াক পেলাই দিয়া বা পুতি পেলাব লাগে। কিন্তু বৰপেটাত বায়' প্ৰডাক্ট সমূহ নৈৰ পাৰত মুকলিকৈ পেলাই দিয়া হৈছে।

মুঠতে নিবিদাৰ সময়ত দিয়া সকলো নীতি, নিৰ্দেশনা ভৰিৰে মোহাৰি এইদৰেই জাবৰ নিষ্কাশনৰ নামত বৰপেটাত চলিছে CALL & FIX আৰু DAYACHARAN & COMPANY নামৰ সংস্থা দুটাৰ নীতি বৰ্হিভূত কাৰ্য। 

জাবৰ নিষ্কাশন অশোক সিংঘাল