মাজগাঁৱত অগ্নিকাণ্ডঃ জুইত সৰ্বস্বান্ত এটা পৰিয়াল

মাজগাঁৱত অগ্নিকাণ্ডঃ জুইত সৰ্বস্বান্ত এটা পৰিয়াল

author-image
Asomiya Pratidin
New Update
মাজগাঁৱত অগ্নিকাণ্ডঃ জুইত সৰ্বস্বান্ত এটা পৰিয়াল

ডিজিটেল সংবাদ, সৰভোগঃ বৰপেটা জিলাৰ পাকাবেতবাৰী সমষ্টিৰ অন্তৰ্গত মাজগাঁও পশ্চিম পাৰাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।ছোৰহাব আলী মৌলবীৰ ঘৰত সংঘটিত এই অগ্নিকাণ্ডত লোকজনৰ ঘৰৰ সকলো সা-সামগ্ৰী ভস্মীভূত হয়।

Advertisment

অগ্নি কাণ্ডত জাহ যোৱা পৰিয়ালটোক সহায় কৰিবলৈ ইতিমধ্যে মাজগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত মহিলা সকলৰ চিত্ৰলেখা, কৌটিল্য, প্ৰতীক্ষা আৰু যমুনা নামৰ গ্ৰাম্য সংস্থা কেইটা আগবাঢ়ি আহিছে।

উক্ত সংস্থা কেইটাই ছোৰহাব আলীক পালেং, টিন পাত, ট্ৰাংক, ফেন আৰু পাকঘৰৰ সামগ্ৰীৰ লগতে খোৱা লোৱাৰ কাৰণে চাউল-দালি আদি প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰে।

আজি ৰাইজৰ দলৰ সম্পাদক মনিৰুজ জামানৰ এটি সজাতি দলে ছোৰহাব আলী মৌলবীৰ ঘৰ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। উল্লেখযোগ্য যে উক্ত পৰিয়ালটোক আপুনিও সহায়ৰ হাত আগবঢ়াব পাৰে।

লোকজনৰ একাউন্ট নং- 32366751512 ,IFSC :- SBIN0002099, ইয়াৰোপৰি ফ'ন পে' 7035798024 টো সহায়ৰ হাত আগবঢ়াব পাৰে।

Also Read: অসম আৰক্ষীৰ জোৱান পৰাগজ্যোতি ডেকাৰ মৃত্যু

barpeta news sarbhug fire