বিধায়ক জাকিৰ হুছেইন শিকদাৰ মুখ্যমন্ত্ৰীৰ চামচাঃ সামেজ উদ্দিন

বিধায়ক জাকিৰ হুছেইন শিকদাৰ মুখ্যমন্ত্ৰীৰ চামচাঃ সামেজ উদ্দিন

author-image
Asomiya Pratidin
New Update
বিধায়ক জাকিৰ হুছেইন শিকদাৰ মুখ্যমন্ত্ৰীৰ চামচাঃ সামেজ উদ্দিন

বিধায়ক জাকিৰ হুছেইন শিকদাৰ মুখ্যমন্ত্ৰীৰ চামচাঃ সামেজ উদ্দিন

ডিজিটেল সংবাদ,সৰভোগঃ লোকসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই আকৰ্ষণীয় হৈছে নিৰ্বাচনী কুজ-কাৱাজ। সোমবাৰে বৰপেটা আৰু বজালী জিলাৰ ৰাজাঘাট,ধুমাৰকুৰ,ভৱানীপুৰ বালাপাৰা,ফিমুৱা আৰু কলহভাঙা প্ৰান্তত বৰপেটা লোকসভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী সামেজ উদ্দিনে নিৰ্বাচনী প্ৰচাৰ চলাই। প্ৰচাৰৰ সময়ছোৱাত ৰাইজে প্ৰাৰ্থীগৰাকীৰ সন্মুখত জৰাজীৰ্ণ বাট-পথক লৈ ক্ষোভ উজাৰে।

Advertisment

উল্লেখ্য যে, উন্নয়নৰ ফোপোলা স্বৰূপ উদঙাইছে ৰাজাঘাট ধুমাৰকুৰ অঞ্চলৰ বাট-পথে। ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণিধৰ তালুকদাৰক ভোট নিদিয়াৰ বাবে বিধায়কে অঞ্চলটোৰ বাট-পথৰ কাম নকৰা বুলি অভিযোগ কৰে ৰাজাঘাট অঞ্চলবাসীয়ে।

ইপিনে সৰুক্ষেত্ৰী সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পথৰ দুৰৱস্থাক লৈও সামেজ উদ্দিনক ৰাইজে অৱগত কৰে। এই সন্দৰ্ভত সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ হিমন্তৰ চামচা,দিনত কংগ্ৰেছ,ৰাতি বিজেপি বুলি ৰাইজৰ আগত অভিযোগ কৰে বিপিএফৰ প্ৰাৰ্থী সামেজ উদ্দিনে ।

Also Read: পানীতোলাৰ বৰ নামঘৰত আঁঠু ল'লে সৰ্বানন্দ সোণোৱালে

বিধায়ক জাকিৰ হুছেইন শিকদাৰ সামেজ উদ্দিন