/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/1b51a921-1d6d-432b-b342-c3d1c6e3ceb0/ACCIDENT_14.jpg)
১২৭ A ভাৰত-ভূটান ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা...
১২৭ A নং ভাৰত -ভূটান ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
চাৰিচকীয়া বাহন আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ।
এই দুৰ্ঘটনাত অতি গুৰুতৰভাৱে আহত হৈছে বাইক আৰোহীজন।
,আহত বাইক আৰোহীজন চৰ্না গাঁৱৰ মৃণাল হীৰা।
মৃণাল হীৰাৰ অৱস্থা অতি সংকটজনক।
তেওঁক পাঠশালা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
দুৰ্ঘটনা সংঘটিত কৰা চাৰিচকীয়া বাহনখননম্বৰ AS01EK5668।
দুৰ্ঘটনাৰ ফলত বাহনখনৰ সন্মুখৰ দুয়োটা এয়াৰ বেগ বাহিৰলৈ ওলাই আহিছে।
দুঘটনা সংঘটিত কৰিয়েই চাৰিচকীয়া বাহনৰ ভিতৰত থকা লোকসকলে পলায়ন কৰিছে।
ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চেপা উত্তেজনা।
Also Read: ধেমাজি কাছাৰী ময়দানত স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ প্ৰস্তুতি সম্পূৰ্ণ...