পথৰ কাষত ৰৈ থকা APDCL ৰ দুই কৰ্মচাৰীক মহতিয়াই নিলে বাহনেঃ এজনৰ মৃত্যু...

পথৰ কাষত ৰৈ থকা APDCL ৰ দুই কৰ্মচাৰীক মহতিয়াই নিলে বাহনেঃ এজনৰ মৃত্যু...
পথৰ কাষত ৰৈ থকা APDCL ৰ দুই কৰ্মচাৰীক মহতিয়াই নিলে বাহনেঃ এজনৰ মৃত্যু...

ডিজিটেল ডেস্কঃ মঙ্গলবাৰে নিশা বৰপেটোৰোডত সংঘটিত হোৱা এক দুৰ্ঘটনাত এ পি ডি চি এলৰ এগৰাকী কৰ্মচাৰী নিহত হোৱাৰ লগতে আন এগৰাকী কৰ্মচাৰী গুৰুতৰ ভাৱে আহত হয়। জানিব পৰা নিশা প্ৰায় ৮-৩০ বজাত বৰপেটাৰোডৰ এ পি ডি চি এলৰ কাৰ্যালয়ৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনা।

শিমলাগুৰিৰ দিশৰে দ্ৰুত বেগেৰে অহা এখন বাহনে পথৰ কাষত ৰৈ থকা দুই কৰ্মচাৰীক মহতিয়াই নিয়ে। সেই সময়ত দুই কৰ্মচাৰী ক্ৰমে ৰঞ্জিত গগৈ আৰু হেমন্ত দাসে কাৰ্যালয়ৰ কাষতে পথৰ কাষত এখন স্কুটিৰ ওপৰত বহি আছিল।

এ এছ ০১ ডিজে ৩২৯৩ নম্বৰৰ মাৰুতিৰ বাহনখনে তেওঁলোকক মহতিয়াই নিয়াৰ ফলত গুৰুতৰ ভাৱে আহত হয় দুয়ো কৰ্মচাৰী। আহত দুয়োকে ততাতৈয়াকৈ বৰপেটাৰোডৰ ৩০ খন বিচনাযুক্ত চিকিৎসালয়লৈ লৈ যোৱা হয়।

তাত প্ৰাথমিক চিকিৎসা প্ৰদান কৰা পাছত দুয়োকে উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়। জানিব পৰা মতে পৰৱৰ্তী সময়ত ইয়াৰে হেমন্ত দাসৰ মৃত্যু হয়।

পথৰ কাষত ৰৈ থকা APDCL ৰ দুই কৰ্মচাৰীক মহতিয়াই নিলে বাহনেঃ এজনৰ মৃত্যু...
দিচাং ৰিজ'ৰ্টত বিধ্বংসী অগ্নিকাণ্ডঃ সম্পূৰ্ণৰূপে ভস্মিভূত স্থায়ী পেণ্ডেল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in