বৰপেটাৰ বালাভিঠাত অজগৰ সাপ উদ্ধাৰ

বৰপেটাৰ বালাভিঠাত অজগৰ সাপ উদ্ধাৰ

author-image
Asomiya Pratidin
New Update
বৰপেটাৰ বালাভিঠাত অজগৰ সাপ উদ্ধাৰ

ডিজিটেল সংবাদ, সৰভোগঃ বৰপেটাৰোডৰ বালাভিঠা পুৰণা ঈদগাহ কাষতে বিলত ককলেণ্ডৰে মাটি খান্দোতে এটি প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ হয়। ৰাইজৰ প্ৰচেষ্টাত আনুমানিক ১০ ফুট দৈৰ্ঘ্যৰ ১৫ কিলোগ্ৰাম ওজনৰ এই প্ৰকাণ্ড সাপ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

Advertisment

ৰাইজৰ প্ৰচেষ্টাত বন বিষয়াসকলক খবৰ দিয়াত ঘটনাস্থলীত মানাহ ব্যাঘ্ৰ প্ৰকল্প বনবিষয়া উপস্থিত হয় । পাছত ৰাইজে বনবিষয়া সকলক গতাই দিয়ে প্ৰকাণ্ড অজগৰটো ।

ৰাইজে বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি সহাৰি জনাই এই প্ৰকাণ্ড সাপটো কোনো ক্ষয় ক্ষতি নকৰাকৈ বন বিষয়াক চমজাই দিয়ে। এই প্ৰকাণ্ড সাপডালটো মানাহত এৰি দিব বুলি জানিব দিয়ে বনকৰ্মীয়ে।

Also Read: শ্ৰীলংকালৈ উভতি গ'ল ৰাজীৱ গান্ধীৰ ৩ হত্যাকাৰী!