পাঠশালাত শিক্ষাৰ পোহৰ বিলাইছে অসম আৰক্ষীৰ এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকে...

পাঠশালাত শিক্ষাৰ পোহৰ বিলাইছে অসম আৰক্ষীৰ এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকে...

ডিজিটেল সংবাদ,পাঠশালাঃ শিক্ষানগৰী পাঠশালাত শিক্ষাৰ পোহৰ বিলাইছে অসম আৰক্ষীৰ এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাই। পাঠশালাৰ স্বেচ্ছাসেৱী অনুষ্ঠান উদয়ন সংঘৰ উদ্যোগত আৰু বজালী আৰক্ষীৰ সহযোগত এটা পথ পুথিভঁৰাল স্থাপন কৰা হয়।

বজালী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাই নিৰৱে আৰম্ভ কৰিছে কিতাপ পঢ়াৰ আন্দোলন। পথৰ দাঁতিত দুয়োকাষে স্থাপন কৰিছে পথ পুথিভঁৰাল।মুকলি মনে যাতে দিনটোৰ অৱসাদ দূৰ কৰি পাঠক সমাজে কিতাপ পঢ়িব পাৰে তাৰ বাবে এই ব্যৱস্থা কৰি দিছে। আগতে কৰ্মৰত ঠাই সমূহটো ত্ৰিনয়ন ভূঞাই পথ পুথিভঁৰাল গঢ় দি আহিছে। এই ব্যৱস্থাই কিতাপ পঢ়ি ভাল নোপোৱা সকলকো কিতাপৰ প্ৰতি আকৃষ্ট কৰিবলৈ সক্ষম হৈছে।

অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীৰ এই অভিনৱ পদক্ষেপক আদৰণি জনাইছে দল সংগঠনৰ লগতে স্থানীয় ৰাইজে। আৰক্ষী অধীক্ষক গৰাকীৰ আদৰণীয় পদক্ষেপক সকলোৱে উৎসাহ জনাইছে। মোবাইল ফোন, ইন্টাৰনেটৰ যুগতো যে কিতাপ পঢ়াৰ বৌদ্ধিক আন্দোলন গঢ়িব পাৰে তাকে প্ৰতিপন্ন কৰিছে বজালী জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে।

পাঠশালাত শিক্ষাৰ পোহৰ বিলাইছে অসম আৰক্ষীৰ এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকে...
বায়ুৰ ধুমুহাত আৱদ্ধ বিমানঃ এজন যাত্ৰীৰ মৃত্যু, ৩০ জন আহত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in