/asomiyapratidin/media/media_files/2025/05/01/cGLsYfWnHegw7rQwC4hi.jpg)
ডিজিটেল সংবাদ পাটাছাৰকুছি: পাটাছাৰকুছি অঞ্চলৰ মফচলীয়া সাংবাদিকসকলৰ একমাত্ৰ উমৈহতীয়া অনুষ্ঠান পাটাছাৰকুছি প্ৰেছ ক্লাবৰ ১৮ সংখ্যক অধিবেশন আৰু ২৪ সংখ্যক প্ৰতিষ্ঠা দিবস আজি এদিনীয়া কাৰ্যসূচীৰে ক্লাৱৰ কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত হৈ যায়। এই উপলক্ষে ৰাতিপুৱা ক্লাবৰ সভাপতি নৱকান্ত কলিতাই ক্লাবৰ পতাকা উত্তোলন কৰাৰ পিছতে স্মৃতি তৰ্পন কাৰ্য্যসূচী মুকলি কৰে ক্লাবৰ উপদেষ্টা তথা প্ৰাক্তন সাংবাদিক দিলীপ কুমাৰ ৰয়ে।
২৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ২৪ গছি বন্তি প্ৰজ্বালন কাৰ্যসূচী মুকলি কৰে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ পৰিদৰ্শক তথা ক্লাবৰ প্ৰাক্তন সম্পাদক নিতুল শৰ্মাই। বন্তি প্ৰজ্বলন কাৰ্যসূচীত ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি আমিনুল হক, প্ৰাক্তন সভাপতি কিশোৰ শৰ্মা, সম্পাদক বিৰাজ কলিতা, সহ সম্পাদক উৎপল মেধি, সদস্য প্ৰদীপ পাঠক আদিয়ে অংশ গ্ৰহণ কৰে।
ইয়াৰ পিছতে ক্লাবৰ সভাপতি নৱকান্ত কলিতাৰ সভাপতিত্বত বহা সাধাৰণ আৰু বিষয় বাছনি সভাত সভাত সম্পাদক বিৰাজ কলিতাই পাঠ কৰা সম্পাদকীয় প্ৰতিবেদন আৰু হিচাপ পৰীক্ষক শৈলেন মিশ্ৰই পাঠ কৰা হিচাপ পৰীক্ষাৰ প্ৰতিবেদন দুখন সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰাৰ লগতে আগন্তুক কাৰ্যকালৰ বাবে এখন নতুন কাৰ্য্যনিবাহক সমিতি গঠন কৰা হয়।
এই অনুসৰি নৱকান্ত কলিতাক সভাপতি, কিশোৰ শৰ্মাক উপ সভাপতি, বিৰাজ কলিতাক সম্পাদক, উৎপল মেধিক সহকাৰী সম্পাদক, আমিনুল হক আৰু প্ৰদীপ কুমাৰ পাঠকক কাৰ্যনিৰ্বাহক সদস্য, ৰাজেন দাস আৰু অমিতাভ শৰ্মাক মনোনীত সদস্য, শৈলেন মিশ্ৰ আৰু বেদান্ত শাণ্ডিল্যক হিচাপ পৰীক্ষক, দিলীপ কুমাৰ ৰয়, সৌৰভ কুমাৰ ক্ষত্ৰিয়, মুন গোস্বামী আৰু নিতুল শৰ্মাক উপদেষ্টা হিচাপে নিৰ্বাচন কৰা হয়৷