/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/eba9cecd-c0e0-4162-9052-11b8b1e71483/4.jpg)
ডিজিটেল সংবাদ, হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ লাংহিনত শনিবাৰে দিনৰ ১১ বজাত ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী বঁটা প্ৰাপক সৰ্বেশ্বৰ বসুমতাৰীক বিভিন্ন দল সংগঠনসমূহৰ দ্বাৰা সম্বৰ্ধনা জনোৱা হয়। লগতে অঞ্চলটোৰ শতাধিক কৃষকসকলক লৈ এখন সজাগতামূলক প্ৰশিক্ষণ শিবিৰো অনুষ্ঠিত কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/3bfecff5-735c-475f-909f-5b2bddf5f079/1b5f9419_9406_44c0_a857_cbd26f298220.jpg)
কাৰ্বি আংলং জিলা কছাৰী সমাজৰ সভাপতি দালছিং বসুমতাৰীৰ সভাপতিত্বত সভাখন অনুষ্ঠিত কৰে। সম্পাদক সোণাৰাম বসুমতাৰীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সাৰগৰ্ভ ভাষণ দিয়ে ভাৰত চৰকাৰৰ দ্বাৰা পদ্মশ্ৰী বঁটা প্ৰাপক কৃষক সৰ্বেশ্বৰ বসুমতাৰীয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/7a680809-f560-47ee-a346-795a62e12269/f7db7175_50d6_4fbf_9c6e_6e99c118a0b8.jpg)
সভাত কাৰ্বি আংলং জিলাৰ অগ্ৰণী বড়ো সংগঠনসমূহ ক্ৰমে বড়ো সাহিত্য সভা, এবচু, আবৌফ, গাওঁবুঢ়া সন্থা, কৃষক সন্থা, কছাৰী সমাজ আদি বিভিন্ন সংগঠনৰ বিষয় ববীয়াসকল উপস্থিত থাকে। সভাত কাৰ্বি আংলং জিলা স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য বিলিমোহন খাখলাৰীৰ লগতে কাৰ্বি আংলং জিলাৰ কৃষি বিভাগ, মীন বিভাগ আৰু চেৰিকালচাৰ বিভাগৰ বিষয় ববীয়াসকলো উপস্থিত থাকে। অনুষ্ঠানৰ লগত সংগতি ৰাখি ইয়াৰ পিছতে অঞ্চলটোৰ শতাধিক কৃষকসকলক লৈ এখন কৃষি বিষয়ক সজাগতামূলক প্ৰশিক্ষণ শিবিৰো অনুষ্ঠিত কৰা হয় ।
Also Read: মানকাচৰত চোৰাং গৰুভৰ্তি বাহনৰ খুন্দাত থিতাতে নিহত এগৰাকী মহিলা