জৰুৰীকালীন পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰাকৈ সজাগতা সভা অনুষ্ঠিত...

পাটাছাৰকুছিৰ নিৰ্মল হালৈ মহাবিদ্যালয়ত এই সভা সম্পন্ন

author-image
Asomiya Pratidin
New Update
জৰুৰীকালীন পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰাকৈ সজাগতা সভা অনুষ্ঠিত...

জৰুৰীকালীন পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰাকৈ সজাগতা সভা অনুষ্ঠিত...

ডিজিটেল সংবাদ পাটাছাৰকুছি: আজি পাটাছাৰকুছিৰ নিৰ্মল হালৈ মহাবিদ্যালয় প্ৰেক্ষাগৃহত প্ৰথম বেটেলিয়ন আৰু এন ডি আৰ এফৰ উদ্যোগত আৰু বজালী জিলা দুৰ্যোগ প্ৰাধিকৰণৰ সহযোগত যিকোনো দুৰ্যোগৰ সময়ত সৃষ্টি হ'ব পৰা যিকোনো ধৰণৰ জৰুৰীকালীন পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰাকৈ সজাগতা সভা অনুষ্ঠিত কৰা হয়।

Advertisment

উক্ত সভাত বজালী ৰাজহ চক্ৰৰ অন্তৰ্গত গাওঁসমূহৰ গাওঁপ্ৰধানসকলৰ লগতে স্হানীয় ৰাইজেও অংশগ্ৰহণ কৰে। ইয়াৰোপৰি বজালী জিলা দুৰ্যোগ ব্যৱস্থাপনাৰ ভাৰপ্ৰাপ্ত জিলা প্ৰকল্প বিষয়া জিয়াউৰ ৰহমান, দুৰ্যোগ ব্যৱস্থাপনাৰ বজালী ৰাজহ চক্ৰৰ ক্ষেত্ৰ বিষয়া শংকৰ নাথৰ লগতে "আপদা মিত্ৰ"ৰ স্বেচ্ছাসেৱক সকলো অংশগ্ৰহন কৰে।

Also Read: ডিব্ৰুগড় অভিমুখী ৰে'ল দুৰ্ঘটনাত পতিতঃ ৪ জন নিহত, কেইবাজনো আহত, হেল্প লাইন নম্বৰ মুকলি...

পাটাছাৰকুছি বজালী